শীৰ্ষ বাতৰি

গুৱাহাটীত অপৰাধ সংঘটিত কৰি কোনো সাৰি হ'ব নোৱাৰেঃ মুখ্যমন্ত্ৰী শৰ্মা

Sentinel Digital Desk

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী মহানগৰীত অপৰাধ সংঘটিত কৰি কোনো লোকেই সাৰি যাব নোৱাৰে ৷ অলপতে সংঘটিত এহাল প্ৰৌঢ় দম্পতীৰ হত্যাৰ তদন্ত বুজ লৈ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দম্পতীহালৰ হত্যাৰ মূল অভিযুক্ত আকাশ চৌধুৰীক সম্পূৰ্ণ তথ্য-প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে মঙলবাৰে নিশা গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ নিবাসী ননীগোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱা ঘৰতে হত্যাৰ বলি হয় ৷

লোমহৰ্ষক হত্যাকাণ্ডটোৰ মূল অভিযুক্তৰূপে আৰক্ষীয়ে দম্পতীহালৰ চোৱা-চিতা কৰাৰ বাবে ঘৰত ৰখা আকাশ চৌধুৰী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে ৷ মুখ্যমন্ত্ৰী শৰ্মাই দুৰ্ভগীয়া দম্পতীহালৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ পাছত সাংবাদিকৰ আগত তেওঁ কয় যে মহানগৰীৰ যিবোৰ স্থানত বিশেষকৈ বয়স্ক দম্পতীয়ে বাস কৰা স্থানসমূহত চিচি টিভি কেমেৰা স্থাপন কৰা হ'ব ৷ " ইতিমধ্যে মহানগৰীৰ বহু স্থানত চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে ৷ নথকা স্থানসমূহতো স্থাপন কৰা হ'ব," তেওঁ এইদৰে কয় ৷