শীৰ্ষ বাতৰি

তলাবন্ধৰ বাবে জি এছ টিৰ পৰা ৰেহাই নাপায় ব্যৱসায়ীয়েঃ কেন্দ্ৰৰ সিদ্ধান্ত

Sentinel Digital Desk

তলাবন্ধৰ বাবে জি এছ টিৰ পৰা ৰেহাই নাপায় ব্যৱসায়ীয়েঃ কেন্দ্ৰৰ সিদ্ধান্ত

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা দেশজোৰা তলাবন্ধৰ সময়ছোৱাত সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি)পৰিশোধৰ পৰা ৰেহাই বিচাৰি ব্যৱসায়ী-বণিক গোষ্ঠীয়ে জনাই অহা দাবী অগ্ৰাহ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি তলাবন্ধৰ ফলত ব্যৱসায়িক কাম-কাজ অচল হৈ পৰাত ব্যৱসায়িক-বণিক গোষ্ঠীয়ে অন্ততঃ ছমাহৰ বাবে জি এছ টি পৰিশোধৰ পৰা ৰেহাই দিবলৈ কেন্দ্ৰক অনুৰোধ জনাই আহিছে ৷ ইয়াৰ জৰিয়তে দেশৰ ভাঙি পৰা অৰ্থনীতি পুনৰুদ্ধাৰ কৰাত সহায় হ'ব বুলি ব্যৱসায়িক-বণিক গোষ্ঠীসমূহে যুক্তি দিছে ৷ কিন্তু এনে সকলো যুক্তি কেন্দ্ৰীয় চৰকাৰে খণ্ডন কৰি কোনো কাৰণতে জি এছ টি ৰেহাই দিয়া নহয় বুলি স্পষ্ট কৰি দিছে ৷ এই কথা সদৰী কৰি এক সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ যুক্তি হ'ল যে জি এছ টি ৰেহাইয়ে উদ্যোগ-প্ৰতিষ্ঠানসমূহক কোনো সকাহ নিদিয়ে ৷ বৰঞ্চ জি এছ টি ৰেহাই দিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ ৰাজহ আহৰণত বেয়া প্ৰভাৱ পৰিব ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ২০ লাখ কোটি টকীয়া পেকেজৰ অংশস্বৰুপে উদ্যোগ-প্ৰতিষ্ঠানসমূহলৈ বিভিন্ন ৰেহাই আৰু সকাহ আগবঢ়োৱা হৈছে ৷ইয়াৰ বিপৰীতে সম্প্ৰতি কেন্দ্ৰই জি এছ টি ৰেহাই নিদিয়াৰ সিদ্ধান্ত লৈছে ৷

এই বিষয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত হোৱা এক আলোচনাৰ উদ্ধৃতি দি নাম প্ৰকাশত অনিচ্ছুক এক সূত্ৰই জনোৱা মতে, জি এছ টি ৰেহাই দেশৰ স্বাৰ্থৰ পৰিপন্থী হ'ব আৰু ইয়ে গ্ৰাহক-উপভোক্তাৰ কোনো উপকাৰ সাধন নকৰে ৷ লক্ষ্যণীয় যে কেন্দ্ৰই জি এছ টি ৰেহাই নিদিবলৈ লোৱা সিদ্ধান্তক সমৰ্থন কৰিছে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ নাজীব শ্বাহে ৷ সাংবাদিকৰ আগত শ্বাহে কয়, " মই আশাবাদী যে কেন্দ্ৰই চাহিদাৰ কথা বিবেচনা কৰা নাই ৷ একোটা সামগ্ৰীত জি এছ টি ৰেহাই দিয়াটো কেতিয়াও সঠিক সিদ্ধান্ত নহয় ৷ ই মূল্য শৃংখলত ব্যাঘাত হানিব আৰু ইয়ে কেতিয়াও সামগ্ৰীৰ মূল্য হ্ৰাসত সহায় নকৰে ৷ তাৰ বিপৰীতে এনে বঝৱস্থাই দেশীয় উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ ক্ষতি সাধন কৰিব৷"

উল্লেখ্য যে ক'ৱিড-১৯বিৰোধী যুঁজৰ অস্ত্ৰৰুপে পৰিগণিত হোৱা পি পি ই কিট, ভেণ্টিলেটৰ, ছেনিটাইজাৰ, আদিক কেন্দ্ৰ কৰি জি এছ টি ৰেহাইৰ প্ৰসংগ উত্থাপন হয় ৷ এই সঁজুলিসমূহতো জি এছ টি আদায় দিবলগীয়া হৈ আহিছে ৷ কিন্তু এইসমূহত জি এছ টি ৰেহাই দিলে, এনে সঁজুলিৰ মূল্য অত্যধিক বৃদ্ধি পাব বুলি বিভিন্নজনে মতপোষণ কৰি আহিছে ৷ ইয়াৰ যুক্তি দি একাংশই মতপোষণ কৰে পূৰ্বে ছেনিটেৰী নেপকিনত জি এছ টি ৰেহাই দিয়া হয় ৷ কিন্তু ইয়াৰ ফলত ভাৰতীয় ছেনিটেৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় ৷ কাৰণ জি এছ টিয়ে আমদানীকৃত আৰু দেশত উৎপাদিত সামগ্ৰীৰ মাজত ভাৰসাম্য ধৰি ৰাখিছে ৷ যদিহে জি এছ টি ৰেহাই দিয়া হয়, তেন্তে আমদানিকৃত সামগ্ৰীয়ে বজাৰ দখল কৰাৰ আশংকা প্ৰবল ৷