শীৰ্ষ বাতৰি

এতিয়াৰ পৰা গৰ্ভৱতী মহিলাই নাপাব চাকৰিৰ পৰা ৰেহাই

Sentinel Digital Desk

এতিয়াৰ পৰা তিনিটা বা তাতোতকৈ কম সংখ্যক সন্তান থকা মহিলা সকলে গৰ্ভধাৰণৰ নামত চাকৰিৰ পৰা কোনো ধৰণৰ ৰেহাই পাবলৈ সক্ষম নহ'ব। শেহতীয়া ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব (ASDMA) য়ে।

কৰণা মহামাৰীৰ বাবে ধাৰ্য কৰা বাধানিশেধ সমূহ ষ্ঠগীতনকৰাৰ সময়তে ৰাজ্য চৰকাৰে ধাৰ্য্য কৰিছে এই নতুন নিয়মাৱলী। SOP নম্বৰ ASDMA ২৮/২০২১/৩২৬ তাৰিখ ১২/১১/২০২১ত মুকলি হোৱা ঘোষণা অনুসৰি এই বিভাগটোৱে চৰকাৰী বিভাগত কৰ্মৰত সকলো স্থায়ী তথা গীৰ্মিটিয়া কৰ্মচাৰী সকলক কামৰ বাবে ঘূৰি অহাৰ অধিসূচনা জাৰি কৰিছে। কেৱল অনুমোদিত ছুটীত থকা কৰ্মচাৰী সকলৰ ওপৰতহে এই নিয়ম প্ৰযোজ্য নহয়। এই অধিসূচনা খনৰ অনুসৰি বৰ্তমান সময়ত ৰাজ্য খনত কৰণা উপদ্ৰৱ কিছু পৰিমাণে হ্ৰাস পাইছে আৰু পৰিস্থিতি সমূহ কিছু পৰিমাণে নিয়ন্ত্ৰণত আহিছে।

ৰাজ্য খনৰ সকলো উপযোগী জনতাৰ ৯৫% লোকে কৰণা প্ৰথম তথা ৩১% লোকে দ্বিতীয় কৰণা ভেকচিন পাবলৈ সক্ষম হৈছে। বিহু কেইখন জিলাই টিকাকৰণৰ এই প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি ৰাজ্য খনিৰ টিকাকৰণ প্ৰক্ৰিয়া দিনক দিনে উন্নত হ'বলৈ ধৰিছে। আৰু অন্য ৰাজ্যতকৈ অসমত এই প্ৰক্ৰিয়া খুব খৰেৰে আগ বাঢ়িছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে গৈ এই টিকাকৰণ আঁচনি সমাপন কৰাৰ নতুন আঁচনি হাতত লৈছে, যাতে ইয়াৰ দ্বাৰা ৰাজ্যৰ সকলো লোকে টিকাকৰণৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।