শীৰ্ষ বাতৰি

দেশজুৰি বলবৎ হোৱা তলা বন্ধ কোনো ধৰণে শিথিল নহয় - মুখ্যমন্ত্ৰী সোণোৱাল

Sentinel Digital Desk

দেশজুৰি বলবৎ হোৱা তলা বন্ধ কোনো ধৰণে শিথিল নহয় - মুখ্যমন্ত্ৰী সোণোৱাল । অৱশেষত স্থিতি ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্য চৰকাৰে তলাবন্ধ শিথিল কৰিব বুলি হঠাতে ব্যাপক চৰ্চা হয়। এনে এক জটিল সময়ত চৰকাৰে লোৱা এই সিদ্ধান্তক একাংশই ছোচিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰে। অৱশেষত মঙ্গলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে দেশজুৰি বলবৎ হোৱা তলা-বন্ধ ৰাজ্য চৰকাৰৰ দ্বাৰা কোনো কাৰণতে শিথিল কৰা নহয় । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুসৰি ১৪ এপ্ৰিললৈ এই তলা-বন্ধ কঠোৰভাবে পালন কৰা হ'ব ।

তেওঁ লগতে কয় যে অসম চৰকাৰে ৰাজ্যবাসীক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ বাবে উপায় উলিয়াব । তেওঁ দেশৰ সকলো লোককে লক-ডাউনৰ সকলো নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে বিশ্বৰ লগতে ভাৰতবৰ্ষতো প্ৰায় ১০০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোনা মহামাৰীৰত ।ইপিনে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱা কৰিমগঞ্জৰ ব্যক্তিজন শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ৫২বছৰীয়া এই ব্যক্তিজনৰ অৱস্থা স্থিৰ আছে বুলি মন্ত্ৰীজনে সদৰী কৰে ৷ আনহাতে, এক সূত্ৰ অনুসৰি এই ব্যক্তিজনে গুৱাহাটীৰ আঠগাঁৱৰ আত্মীয়ৰ ঘৰত কিছুদিন আছিল। ইয়াকে লৈ সমগ্ৰ অসমত আতংক বিৰাজ কৰি আছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables