শীৰ্ষ বাতৰি

মেঘালয়ত আৰু এজন ক’ৰ’না আক্ৰান্ত চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১২ লৈ বৃদ্ধি

Sentinel Digital Desk

মেঘালয়ত আৰু এজন ক’ৰ’না আক্ৰান্ত চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১২ লৈ বৃদ্ধি । প্ৰায় সমগ্ৰ বিশ্ব সম্প্ৰতি ক’ৰ’না মহামাৰীৰ গ্ৰাসত । অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলটো বহু লোক আক্ৰান্ত হৈছে এই মহামাৰীত । চুবুৰীয়া ৰাজ্য মেঘালয়ত নতুনকৈ এজন ব্যক্তিৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । এই কথা সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

২০ এপ্ৰিলত মুখ্যমন্ত্ৰী চাংমাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি নতুনকৈ পজিটিভ ওলোৱা ব্যক্তিজন ৰাজ্যখনৰ প্ৰথমজন পজিটিভ ব্যক্তিৰ সম্পৰ্কীয় । ইতিমধ্যে লোকজনক কোৱাৰেন্টাইনত ৰখা হৈছে।

মেঘালয়ত ১৩ এপ্ৰিলত প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হয়। আক্ৰান্ত হোৱা ব্যক্তিজন শ্বিলঙৰ বাথানী হাস্পাতালৰ চিকিৎসক আছিল। বৰ্তমান ঠাই খিনিক ক’ৱিড-১৯ৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে। প্ৰায় ৪৮ ঘন্টাৰ ভিতৰত লোকজনৰ মৃত্যু হয়।

ক’ৱিড-১৯ আক্ৰান্ত ১০ জন লোকৰ ভিতৰত দুজন চিকিৎসকগৰাকীৰ ঘৰুৱা সহায়ক আৰু বাকী ৮ জন পৰিয়ালৰ লোক।

সোমবাৰে মুখ্যমন্ত্ৰী চাংমাই প্ৰকাশ কৰা অনুসৰি কোভিড-১৯ ৰ বাবে ৰাজ্য খনৰ ৮৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু তাৰ ভিতৰত ৭১৪ টা নিগেটিভ ওলোৱাৰ লগতে বাকী ১১৩ টাৰ প্ৰতিবেদন প্ৰকাশ পাবলৈ বাকী আছে।‌