Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰীঃ ৰমজানৰ নামাজ ঘৰতে পঢ়াৰ আহ্বান ছৌডি ইছলামিক সংগঠনৰ

ক’ৰ’না মহামাৰীঃ ৰমজানৰ নামাজ ঘৰতে পঢ়াৰ আহ্বান ছৌডি ইছলামিক সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 April 2020 11:43 AM GMT

ক’ৰ’না মহামাৰীঃ ৰমজানৰ নামাজ ঘৰতে পঢ়াৰ আহ্বান ছৌডি ইছলামিক সংগঠনৰ

প্ৰায় সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আগন্তক ৰমজানৰ নামাজ ঘৰতে পঢ়িবলৈ সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলৰ প্ৰতি আহ্বান জনাইছে ছোডি আৰবৰ এটা অগ্ৰণী ইছলামিক সংগঠনে। ছিনিয়ৰ স্কলাৰ্ছ কাউন্সিল শীৰ্ষক এই সংগঠনে কয়, “ অহা সপ্তাহত ৰমজান মাহ আৰম্ভ হ’ব। কিন্তু ইছলাম ধৰ্মাৱলম্বীৰ সকলো লোকেই ঘৰৰ ভিতৰত ৰমজানৰ নামাজ পঢ়িব। ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাস্ব্য বিধি তথা সামাজিক দূৰত্ব বৰ্তাই ৰাখিব”।ৰমজানৰ কঠোৰ ব্ৰত তথা উপবাসে থকাৰ মাজতো ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ সকলো নীতি-নিয়ম মানি চলিবলৈ সংগঠটোৱে সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলৰ প্ৰতি আহ্বান জনাইছে। উল্লেখ্য যে সামাজিক দূৰত্ব ৰখাটোৱেই ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ শ্ৰেষ্ঠ উপায়ৰূপে অভিহিত কৰিছে বিশ্বৰ স্বাস্থ্য বিজ্ঞানীসকলে। কিন্তু এনে সতৰ্কবাণীৰ মাজতো যোৱা মাহত দিল্লীৰ নিজামুদ্দিন দৰগাহত এক জামাত অনুষ্ঠিত হয়। এই জামাতত অংশ লৈছিল অসমৰো চাৰি শতাধিক লোকে। অসমত বৰ্তমানলৈ চিনাক্ত হোৱা ৩৪জন ক’ৰ’না আক্ৰান্তৰ অধিকাংশ তথা ৩২ জনৰে সম্পৰ্ক আছে দিল্লীৰ নিজামুদ্দিনৰ দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতৰ সৈতে। এই ক’ৰ’না আক্ৰান্তসকলৰ মাজৰ এজনৰ ইতিমধ্যে মৃত্যু হৈছে। বৃহস্পতিবাৰে মৰিগাঁও জিলাত দুজন ক’ৱিড আক্ৰান্ত চিনাক্ত কৰা হয়। অৱশ্যে ৰাজ্যৰ অধিকাংশ এই মহামাৰী আক্ৰান্ত সুস্থ হৈছে। ইতিমধ্যে চাৰিজনক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰে দুজন গোৱালপাৰাত চিকিত্সাধীন হৈ আছিল। কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে সাক্ষাত কৰে। আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে। ইতিমধ্যে বৃহস্পতিবাৰে দুজন ক’ৰ’না আক্ৰান্তক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হয়। দুয়োজন সোণাপুৰৰ অসামৰিক চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল। দুয়োৰে ঘৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত অঞ্চলত।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যসমূহৰ বিত্তীয় অৱস্থাক লৈ অচিৰেই আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি