ৰাজ্যসমূহৰ বিত্তীয় অৱস্থাক লৈ অচিৰেই আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণ

ৰাজ্যসমূহৰ বিত্তীয় অৱস্থাক লৈ অচিৰেই আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণ

ৰাজ্যসমূহৰ বিত্তীয় অৱস্থাক লৈ অচিৰেই আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণঃ শৰ্মা

অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ আৰ্থিক অৱস্থাক গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে। ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা লক-ডাউনৰ ফলত অসমত বিত্তীয় জটিলতাৰ সৃষ্টি হৈছে। এনে অৱস্থাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বিভিন্ন দিশক লৈ অচিৰেই ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰিব। এই কথা সদৰী কৰি ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমকে ধৰি সসগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সম্পৰ্কত ৰাজ্যসমূহৰ বিতমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ’ব।“ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আমাক সহায়ৰ আশ্বাস দিছে। অচিৰেই তেওঁ বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰিব”, বিত্তমন্ত্ৰী শৰ্মাই এইদৰে কয়। ইপিনে, ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱ নঘটা বা এই মহামাৰীয়ে অধিক জটিল ৰূপ ধাৰণ নকৰা ৰাজ্য অথবা স্থানসমহূত কেন্দ্ৰীয় চৰকাৰে আজি ২১ এপ্ৰিলৰ পৰা কেতবোৰ সেৱা আৰু কাম-কাজ মুকলিৰ সিদ্ধান্ত লৈছে। ইয়াৰ এখন তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। এই তালিকাত অন্তৰ্ভুক্ত সেৱা আৰু কাম-কাজসমূহ হৈছেঃ

১) ২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ সৈতে জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব। লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।

২) সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।

৩) ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ মেকানিক, কম্পিউটাৰ, মোবাইল মেকানিকে মানুহৰ ঘৰত গৈ বেয়া হোৱা সামগ্ৰীৰ মেৰামতি কৰিব পাৰিব।

৪) ২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ সৈতে জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব। লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।

৫) সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।

৬) এনৰেগা আঁচনিৰ অধীনৰ কাম অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অৱশ্যে কাম কৰা শ্ৰমিকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু তেওঁলোকেও সামাজিক দূৰত্ব মানি চলিব লাগিব।

৭) ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্য্যালয়সমূহ উক্ত দিনাৰ পৰা মুকলি হোৱাৰ লগতে ব্যক্তিগত বা বাণিজ্যিক কাৰ্য্যালয়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব।অৱশ্যে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে ৫০ শতাংশ বিষয়া-কৰ্মচাৰীৰে চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়সমূহ চলাব লাগিব।

৮) সা-সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলাচল কৰিব পাৰিব। লগতে কাৰ্য্যালয়লৈ যাবলৈ ব্যৱহৃত সকলো বে-চৰকাৰী বাহনকো অনুমতি প্ৰদান কৰা হৈছে।

৯) ঔদ্যোগিক খণ্ডতো চৰকাৰী বা বেচৰকাৰী উদ্যোগত সীমিত সংখ্যক শ্ৰমিক কৰ্মচাৰীৰে কাম আৰম্ভ কৰিব পাৰিব।

অৱশ্যে এই সুবিধাসমূহ ক’ৰ’না মহামাৰীৰ কৱলত পৰা অঞ্চলসমূহৰ বাবে উপলব্ধ নহ’ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com