Begin typing your search above and press return to search.

লক-ডাউন উলংঘাঃ অসমত ১,৯০৬জন লোকক গ্ৰেপ্তাৰ, ৮০ লাখ টকা জব্দ

লক-ডাউন উলংঘাঃ অসমত ১,৯০৬জন লোকক গ্ৰেপ্তাৰ, ৮০ লাখ টকা জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 April 2020 8:41 AM GMT

লক-ডাউন উলংঘাঃ অসমত ১,৯০৬জন লোকক গ্ৰেপ্তাৰ, ৮০ লাখ টকা জব্দ

ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধ(লক-ডাউন)-ৰ নীতি-নিয়ম ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা অনুসৰি যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা বলবত হোৱা এই লক-ডাউন ভংগ কৰি গ্ৰেপ্তাৰ হবলগীয়া হৈছে সহস্ৰাধিক লোক। অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ মাৰ্চৰ পৰা বৰ্তমানলৈ লক-ডাউন ভংগ কৰাৰ অভিযোগত ১,৯০৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি এই সময়ছোৱাত অসম আৰক্ষীয়ে ১৫,৫৫১খন যান-বাহন জব্দ কৰিছে।ইয়াৰে ১৪,১২৪খন দুচকীয়া বাহন, ১৩ খন ট্ৰাক আৰু ১৫৭খন তিনিচকীয়া বাহন।আনহাতে, ভুৱা বাৰ্তা(ফে’ক নিউজ)ৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে। ফে’ক নিউজ বিয়পোৱাৰ অভিযোগত আৰক্ষীয়ে বৰ্তমানলৈ আৰক্ষীয়ে ৮৫টা গোচৰ ৰুজু কৰাৰ লগতে ৪৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।ইপিনে, ক’ৱিড-১৯ৰ সংক্ৰমণ আগতীয়া চিনাক্তকৰণৰ উদ্দেশ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশৰূপে স্বাস্থ্য বিভাগে ৰাজ্যৰ সকলো লোকৰে থু-খেকাৰ আৰু নাকৰ ময়লা পৰীক্ষা কৰিব । এই উদ্দেশ্য স্বাস্থ্য বিভাগে অচিৰেই থু-খেকাৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিব।এই কথা সদৰী কৰি শনিবাৰে এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বে কেৱল লেলাৱটিহে সংগ্ৰহ কৰা হৈছিল। সম্প্ৰতি ৰাজ্য চৰকাৰে থু-খেকাৰৰ লগতে নাকৰ ময়লা পৰীক্ষাও কৰাৰ সিদ্ধান্ত লৈছে। ইয়ে ক’ৱিড-১৯ বিৰোধী যুঁজখন শক্তিশালী কৰিব বুলি মন্ত্ৰী শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে অসমত যিসকল ক’ৱিড-১৯ মহামাৰী আক্ৰান্ত চিনাক্ত হল, তেওঁলোকৰ বহুতৰ ৰোগ ধৰা পৰে ভাইৰাছে শৰীৰত প্ৰৱেশ কৰাৰ ১৪ দিনৰ পাছত। গতিকে ভাইৰাছৰ সংক্ৰমণ আগতীয়াকৈ ধৰা পেলোৱাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: গুজৰাটৰ পৰা ২,৮০০ কিলোমিটাৰ পদব্ৰজে স্ব-গৃহত উপস্থিত হ’ল অসমৰ এজন ব্যক্তি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি