Begin typing your search above and press return to search.

গুজৰাটৰ পৰা ২,৮০০ কিলোমিটাৰ পদব্ৰজে স্ব-গৃহত উপস্থিত হ'ল অসমৰ এজন ব্যক্তি

গুজৰাটৰ পৰা ২,৮০০ কিলোমিটাৰ পদব্ৰজে স্ব-গৃহত উপস্থিত হল অসমৰ এজন ব্যক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 April 2020 8:18 AM GMT

গুজৰাটৰ পৰা ২,৮০০ কিলোমিটাৰ পদব্ৰজে স্ব-গৃহত উপস্থিত হ'ল অসমৰ এজন ব্যক্তি। গুজৰাটৰ এখন ঔদ্যোগিক চহৰ বাপীৰ পৰা অসমৰ এজন ৪৫ বয়সীয়া ব্যক্তিয়ে ২,৮০০ কিলোমিটাৰ দূৰ পদব্ৰজে আৰু গাড়ীৰে যাত্ৰা কৰি উপস্থিত হ’ল স্ব-গৃহত। এইদৰে তেওঁ সুদীৰ্ঘ ২৫ দিন যাত্ৰা কৰি স্ব-গৃহত উপস্থিত হয়।

গুজৰাটত কৰ্মৰত যাদৱ গগৈ‌ নামৰ লোকজনে জনোৱা অনুসৰি তেওঁ বিগত ২৭ মাৰ্চৰ পৰা ঘাইপথেৰে ঘৰ অভিমুখে খোজ লয়। তেওঁ কয় যে পথত যদি তেওঁ কোনো জৰুৰীকালীন সেৱাৰ বাহন পায়, তেন্তে সেই বাহনত বহি তেওঁ কিছু দূৰ যায় । এনেদৰেই তেওঁ অৱশেষত নগাঁও জিলাৰ ৰহাৰ স্ব-গৃহত উপস্থিত হয়। যোৱা দেওবাৰে নিশা তেওঁ ঘৰত উপস্থিত হয়।

আহিবৰ সময়ত তেওঁৰ হাতত ৪০০০ জমা টকা আছিল যদিও পথত দুৰ্বৃত্তই তেওঁৰ পৰা ফোন , টকা, আৰু আন মূল্যবান সামগ্ৰী কাঢ়ি লৈ যায়। তেওঁ কয় যে বিহাৰৰ পৰা ১০০০ কিলোমিটাৰ দূৰ খোজকাঢ়ি আহি তেওঁ নগাঁও টোলগেট পায় । তেওঁ স্থানীয় লোক এজনৰ ফোনৰ পৰা নিজৰ পৰিয়ালৰ লোকক ফোন কৰে । তাৰ পিছতেই আৰক্ষীক খবৰ দি তেওঁক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হয়।

চিকিৎসকে জনোৱা অনুসৰি গগৈৰ স্বাস্থ্য ঠিকে আছে যদিও বাহিৰৰ পৰা অহা বাবে তেওঁক কোৱাৰেন্টাইনত ৰখা হ'ব । ইতিমধ্যে তেওঁৰ নমুনা ক’ৱিড-১৯-ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ বাহিৰত আবদ্ধ ৮৬,০০০ ব্যক্তিলৈ অসম চৰকাৰৰ ১৭.২০ কোটি টকা: হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি