শীৰ্ষ বাতৰি

গেলেকীত অ' এন জি চিৰ পাইপত বিস্ফোৰণ

অ’ এন জি চি কৰ্তৃপক্ষই ততাতৈয়াকৈ বিস্ফোৰিত অংশৰে হোৱা গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয়।

Sentinel Digital Desk

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ প্ৰতিক্ৰিয়া নৌ মাৰযাওঁতেই আজি আন এটা ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ' এন জি চিৰ এডাল পাইপত বিস্ফোৰণ সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰ জিলাৰ গেলেকীত অ' এন জি চিৰ এডাল পাইপত বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণটো সংঘটিত হয় সেউজ গাঁওস্থিত প্ৰতিষ্ঠানটোৰ দুই নম্বৰ ৰিগত। সৌভাগ্যবশতঃ অ' এন জি চি কৰ্তৃপক্ষই ততাতৈয়াকৈ বিস্ফোৰিত অংশৰে হোৱা গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয়।

আনহাতে, বিস্ফোৰণটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয়।  এই বিস্ফোৰণে অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।