মংগলবাৰে জম্বু-কাশ্মীৰৰ পৰা ঐতিহাসিক ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল গৃহীত কৰা হয় । সোমবাৰে ৰাজ্যসভাত বিল খন গৃহীত হোৱাৰ পাছত মংগলবাৰে লোকসভাত বহুতো বাক-বিতন্দাৰ পাছত গৃহীত কৰা হয় ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ। বৰ্তমানৰে পৰা জম্বু-কাশ্মীৰ আৰু লাডাখ দুখন পৃথক ৰাজ্য হিচাপে গঢ়ি তোলা হব । কেন্দ্ৰীয় শাসিত ৰাজ্য হব জম্বু-কাশ্মীৰ আৰু লাডাখ ।
বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় ।
উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।এক ঐতিহাসিক সিদ্ধান্ত । জম্বু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ । সোমবাৰে ৰাজ্যসভাত গৃহীত কৰা হয় বহু বিতৰ্কিত বিধেয়ক খন । জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰিবলৈ নিৰাপত্তাৰ বিষয়ৰ উপৰত লক্ষ্য ৰাখি , লগতে পৰিকল্পনা, প্ৰস্তুতি বহু আগৰে পৰা চলাইছিল মোদী চৰকাৰে ।
জম্বু-কাশ্মীৰৰ সন্দৰ্ভত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল নিজে শ্ৰীনগৰত উপস্থিত হয়। যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিষ্ঠিতি সৃষ্টি নহয় । ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে মোদী চৰকাৰে ২০০০ চাট ফোন, দ্ৰোণ আৰু ৩৫ হাজাৰ সেনা মোতায়েন কৰা হৈছে । সমান্তৰাললৈ সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে ।৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছতে যিখিনি পৰিবৰ্তন হব সেই সমূহ জম্বু-কাশ্মীৰ বাসীয়ে সহজ ভাৱে গ্ৰহণ কৰিব নোৱাৰিব ।
উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।
অন্য খবৰৰ বাবে পঢ়ক : প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান: দেশী বিদেশী গুনমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি