Begin typing your search above and press return to search.

প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান: দেশী বিদেশী গুনমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি

প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান: দেশী বিদেশী গুনমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2019 7:09 AM GMT

ভাৰতৰ প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান । সমগ্ৰ দেশৰ লগতে বিশ্বতো এই মহান ৰাজনীতিবিদ গৰাকীৰ মৃত্যত শোকৰ ছাঁ পৰিছে । শোকস্তব্ধ হৈ পৰিছে সকলো গুনমুগ্ধ। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গুনমুগ্ধ সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে । ভাৰতৰ বাবে এক বৃহৎ ক্ষতি সুষমা স্বৰাজৰ মৃত্যু ।

মংগলবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ সুষমা স্বৰাজৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুষমা স্বৰাজ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু সুষমা স্বৰাজৰ। । জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাক লৈ মৃত্যুৰ ৩ ঘণ্টা পূৰ্বে টুইট কৰিছিল সুষমা স্বৰাজে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত মন্ত্ৰীপদ ল’বলৈ অস্বীকাৰ কৰিছিল সুষমা স্বৰাজে।

১৯৫৩ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল সুষমা স্বৰাজে। মৃত্যুৰ সময়ত স্বামী আৰু জীয়াৰীক এৰি থৈ যায় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বিজেপিৰ অন্যতম শক্তিশালী নেত্ৰী আছিল সুষমা স্বৰাজ। ইন্দিৰা গান্ধীৰ পিছত বিদেশ মন্ত্ৰণালয়ৰ দায়িত্ব লোৱা ভাৰত বৰ্ষৰ দ্বিতীয়গৰাকী মহিলা ৰাজনীতিবিদ আছিল সুষমা স্বৰাজ।

আজি যন্তৰ–মন্তৰস্থিত বাসগৃহত অন্তিম শ্ৰদ্ধাৰ বাবে নিয়া হয় নশ্বৰদেহ। তাৰ পিছত সুষমা স্বৰাজৰ নশ্বৰদেহ বিজেপিৰ কাৰ্যালয়লৈ নিয়া হব । বিয়লি ৩ বজাত ৰাজকীয় সন্মানৰে শেষকৃত সম্পন্ন কৰা হব স্বাস্থ্যজনিত কাৰণত বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাও বিৰত আছিল বিজেপি নেত্ৰীগৰাকী।

১৯৯০ চনত সুষমা স্বৰাজ প্ৰথম বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। সেইদৰে ১৯৯৬ চনত প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছিল সুষমা স্বৰাজ। অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনতো কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত আছিল বিজেপিৰ নেত্ৰীগৰাকী। ১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বতো আছিল সুষমা স্বৰাজ। ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপেও কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল সুষমা স্বৰাজে। মনমোহন সিঙৰ শেষৰটো কাৰ্যকালত সুষমা স্বৰাজ লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্বতো আছিল।

সুষমা স্বৰাজৰ যন্তৰ–মন্তৰস্থিত বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে সকলো ৰাজনৈতিক নেতায়ে গভীৰ প্ৰকাশ কৰিছে ।সুষমা স্বৰাজৰ দেহাৱসানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ। লগতেৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাসেও শোক প্ৰকাশ কৰিছে সুষমা স্বৰাজৰ বিয়োগত। সুষমা স্বৰাজৰ মৃত্যু ভাৰতৰ বাবে এক বৃহৎ ক্ষতি ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, অমিত শ্বাহ, মায়াবতী, মুলায়ম সিঙ, ছুনিয়া গান্ধীয়ে শোক প্ৰকাশ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : ৬ গৰাকী মহিলা কেবিনেট মন্ত্ৰীয়ে স্থান লাভ কৰা মোদী চৰকাৰে হৈছে প্ৰথমখন চৰকাৰ: সুষমা স্বৰাজ

Next Story
চাকৰি