শীৰ্ষ বাতৰি

ৰাজনীতিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে "ড° এছ পি মুখাৰ্জী বঁটা"

Sentinel Digital Desk

ৰাজনীতিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে "ড° এছ পি মুখাৰ্জী বঁটা"।

ৰাজনীতিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আগবঢ়োৱা হ’ল "ড° এছ পি মুখাৰ্জী বঁটা"(ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী বঁটা)। শুকুৰবাৰে গুজৰাটৰ নৰ্মদা চহৰত অনুষ্ঠিত ষষ্ঠ ভাৰত বিচাৰ সন্মিলনত মুখ্যমন্ত্ৰী সোণোৱালক সনানীয় 'ড° এছ পি মুখাৰ্জী বঁটা' আগবঢ়োৱা হয় ।

ইণ্ডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা স্থাপিত এই বঁটা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু মালদেৱীৰ পিপলচ মজিলছৰ অধ্যক্ষ মহম্মদ নাছিদৰ দ্বাৰা সোণোৱালক প্ৰদান কৰা হয়। এই বঁটাত আছে মানপত্ৰ, বিশেষভাৱে ডিজাইন কৰা এটা ট্ৰ'ফী আৰু এক লাখ টকাৰ চেক ।

বঁটা গ্ৰহণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই বঁটাই ৰাষ্ট্ৰীয় সংহতি আৰু ড° এছ পি মুখাৰ্জীৰ দৃষ্টি আৰু দৰ্শনক আগুৱাই নিয়াত অনুপ্ৰেৰণা যোগাব। লগতে তেওঁ এই বঁটা অসমৰ জনসাধাৰণলৈ উৎসৰ্গা কৰে, যিসকলে লোকে সাৰ্বজনিক জীৱনৰ সময়চোৱাত তেওঁক প্ৰেৰণা আৰু মাগদৰ্শন কৰি উৎসাহ দিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ড° এছ পি মুখাৰ্জী ভাৰতমাতাৰ সুপুত্ৰ তথা প্ৰকৃত ৰাষ্ট্ৰবাদী আৰু দেশভক্ত ।‌ তেওঁৰ নীতি আৰু বিচাৰ যিকোনো ব্যক্তিৰে উচ্চাকাংক্ষাৰ ওপৰত আছিল। তেওঁ সদায় ভাৰতৰ বাবে চিন্তা কৰিছিল, ভাৰতৰ বাবে জীয়াই আছিল আৰু ভাৰতৰ বাবে মৃত্যুবৰণ কৰিছিল। তেওঁ কয় যে ড° মুখাৰ্জীয়ে বিকল্প ৰাজনীতি, আদৰ্শ আৰু বিকল্প চিন্তা ধাৰাৰ উদ্দেশ্যে 'ভাৰতীয় জনসংঘ' ৰ স্থাপন কৰিছিল, যি নীতি আৰু চিন্তা ধাৰা এতিয়াও অনুপ্ৰেৰণা আৰু মাগদৰ্শনৰ বাবে অব্যাহত আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ দুটা বাতিল কৰাৰ ঐতিহাসিক পদক্ষেপ সম্পৰ্কে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ইয়ে দেশক একগোট কৰাৰ বাবে চৰ্দাৰ বল্লভভাই পেটেলৰ আধৰুৱা কাম পূৰ্ণ কৰিছে ।‌ তদুপৰি এই পদক্ষেপে যে কেৱল ড° শ্যাম প্ৰসাদ মুখাৰ্জীৰ সপোন 'এক নিশান এক প্ৰধান এক সংবিধান ' পূৰণ কৰিছে এনে নহয় , ইয়াৰ দ্বাৰা 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' ৰ নীতি অনুধাৱন কৰিছে। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক নতুন ভাৰতৰ বৃদ্ধিৰ ইঞ্জিনৰূপে আৰু অষ্টলক্ষ্মী আখ্যা দিয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ গতি বৃদ্ধি কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৃহৎ মাত্ৰাত পূঁজি প্ৰদান কৰিছে ৷ ইয়াৰ উদাহৰণ দি তেওঁ কয়, “ পেট্ৰোলিয়াম উদ্যেগৰ বাবে ৪৭,০০০ কোটিৰ টকাৰ লগতে সাংস্কৃতিক আৰু বাণিজ্যিক দিশৰ উন্নয়নৰ বাবে বিভিন্ন পূুজি প্ৰদান কৰিছে।" কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত অসমীয়া সংস্কৃতিৰ আধাৰ বিহু নৃত্য প্ৰদৰ্শন কৰাক লৈ সোণোৱালে মোদীক প্ৰশংসা কৰে। তেওঁ কয় যে মোদীয়ে অসমীয়াৰ 'গামোছা' ক এক বিশেষ পৰিচয় প্ৰদান কৰাৰ লগতে ড° ভূপেন হাজৰিকাক 'ভাৰতৰত্ন'ৰ দ্বাৰা সন্মানিত কৰিছে ।