আপৰ ধৃত নেতাৰ প্ৰতি সহমৰ্মিতাৰে টুইটঃ গীতিকাৰ জাভেদ আখতাৰক তীব্ৰ সমালোচনা

আপৰ ধৃত নেতাৰ প্ৰতি সহমৰ্মিতাৰে টুইটঃ গীতিকাৰ জাভেদ আখতাৰক তীব্ৰ সমালোচনা

আপৰ ধৃত নেতাৰ প্ৰতি সহমৰ্মিতাৰে টুইটঃ গীতিকাৰ জাভেদ আখতাৰক তীব্ৰ সমালোচনা।দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ সময়ত নিহত চোৰাংচোৰা বিষয়া অংকিত শৰ্মা হত্যা সংক্ৰান্তত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আম আদমী পাৰ্টী(আপ)ৰ নেতা তাহিৰ হুছেইনৰ প্ৰতি সহমৰ্মিতাৰে টুইট কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰসিদ্ধ গীতিকাৰ, কবি তথা চিত্ৰনাট্যকাৰ জাভেদ আখতাৰ। উল্লেখ্য যে চোৰাংচোৱা বিষয়া শৰ্মাৰ মৃতদেহ উত্তৰ-পূব দিল্লীত গোষ্ঠীগত সংঘৰ্ষ চলি থকাৰ সময়তে তেওঁৰ বাসগৃহৰ ওচৰৰ এটা নলাত উদ্ধাৰ হয়। পাছত তেওঁৰ পিত্য়ে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আপৰ কাউন্সিলৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আপে তেওঁক দলৰ পৰা নিলম্বিত কৰিছে। ধৃত হুছেইন সম্পৰ্কে মন্তব্য কৰি এটা টুইটত গীতিকাৰ-চিত্ৰনাট্যকাৰ আখতাৰে কয়, “ বহু লোক মৃত্যুমুখত পৰিল।বহুলোক ঘূণীয়া হ’ল। বহুলোকৰ বাসগৃহ জ্বলিল। বহুজন গৃহহীনত পৰিণত হ’ল।বহু দোকান-পোহাৰত লুটপাত চলিল। কিন্তু আৰক্ষীয়ে মাথোঁ এজন ব্যক্তিৰ গৃহ ছীল কৰিলে আৰু গৃহৰ গৰাকীৰ সন্ধান কৰি আছে।তাতপৰ্যপূৰ্ণভাবে সেই ব্যক্তিজনৰ নাম তাহিৰ। দিল্লী আৰক্ষীলৈ ধন্যবাদ”। প্ৰসিদ্ধ গীতিকাৰগৰাকীয়ে এই টুইট কৰাৰ লগে লগে অনেক টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁক সমালোচনাৰে থকা-সৰকা কৰে। তাৰ পাছতে আখতাৰে আত্মপক্ষ সমৰ্থনত আন এটা টুইট কৰে।

https://twitter.com/Tooiter208/status/1233165183129808896

দ্বিতীয়টো টুইটত তেওঁ কয়, “ মোৰ কথা ভুলকৈ বুজাতো যে ইমান সহজ ! মই তাহিৰক কিয় বুলি সোধা নাই। মই সুধিছো, অকল তাহিৰক কিয় বুলি।যিসকলে আৰক্ষীৰ উপস্থিতিতে ভাবুকি দিছিল, সেইসকলৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু হোৱা নাই। আনকি ৰক্তাক্ত হিংসাত্মক অধ্যায়ত আৰক্ষীৰ ভূমিকাক লৈ উচ্চ ন্যায়ালয়ো ক্ষুন্ন হৈছে”।আনহাতে, আপৰ নেতা হুছেইনে তেওঁৰ বিৰুদ্ধে উত্থাপিত চোৰাংচোৱা বিষয়া শৰ্মাৰ হত্যাত জড়িত থকাৰ অভিযোগ খণ্ডন কৰিছে। কোনোপধ্যে চোৰাংচোৰা বিষয়াজনৰ হত্যাত জড়িত নহয় বুলি দাবী কৰি তেওঁ কয়, “ এজন মানুহক হত্যাৰ বাবে মোক দোষাৰোপ কৰাৰ কথা মই বাতৰি চাইহে জানিব পাৰিলো। মোৰ বিৰুদ্ধে মিছা আৰু ভিত্তীহীন অভিযোগ উত্থাপন কৰা হৈছে। আমাৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে আমি যোৱা সোমবাৰেই ঘৰৰ পৰা আঁতৰি যাওঁ”। উল্লেখ্য যে যোৱা শনিবাৰে উত্তৰ-পূব দিল্লীত নাগৰিকত্ব (সংশোধনী) আইনবিৰোধী একাংশ প্ৰতিবাদকাৰী আৰু এই আইনৰ একাংশ সমৰ্থনকাৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। একেৰাহে তিনিদিন ধৰি চলি থকা এই সংঘৰ্ষৰ সময়ত দুজন আৰক্ষী বিষয়া-জোৱানসহ তথা এজন চোৰাংচোৱা বিষয়াসহ কমেও ২৫জন লোকৰ প্ৰাণহানি ঘটে। নিহতসকলৰ মাজত নাগৰিকত্ব (সংশোধনী) আইনবিৰোধী প্ৰতিবাদকাৰী আৰু এই আইনৰ সমৰ্থনকাৰী দুয়োপক্ষৰে লোক আছে। তদুপৰি উন্মত্ত লোকৰ দলে বহু যান-বাহন, বাসগৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই ছাৰ-খাৰ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com