শীৰ্ষ বাতৰি

মেলব'ৰ্ণ ছবি মহোৎসৱত ৰীমা দাসৰ "বুল বুল কেন সিং "লৈ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

Sentinel Digital Desk

পুনৰ গৌৰব কঢ়িয়াই আনিলে অসম কন্যা ৰীমা দাসে। মেলব'ৰ্ন ছবি মহোৎসৱত ৰীমা দাসৰ দ্বাৰা নিৰ্মিত ‘বুলবুল কেন ছিং’ ছবিখনে বৃহস্পতি বাৰে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰে । অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত চলি থকা মেলব’ৰ্ণ ছবি মেলব’ৰ্ণ ছবি মহোৎসৱত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানটোত বলিউদ বাদশ্বাহ শ্বাহৰুখ খান, কৰণ জৌহাৰ, তাবু, অৰ্জুন কাপুৰেও উপভোগ কৰিলে ‘বুলবুল কেন ছিং’ ছবিখন৷

ৰীমা দাসৰ এই ছবিখন ইতিমধ্যে টৰণ্টো ছবি মহোৎসৱ আৰু বাৰ্লিন ছবি মহোৎসৱতো প্ৰদৰ্শন কৰিছে। ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব’ৰ্ণত প্ৰদৰ্শিত হয় যশস্বী ছবি পৰিচালক ৰীমা দাসৰ ” বুলবুল কেন সিঙ” ছবি খন। আঞ্চলিক ভাষাৰ ছবি ” ভিলেইজ ৰকষ্টাৰ” ৰ যোগেদি বিশ্বতে ৰীমা দাসে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ২০১৮ চনত ভিলেইজ ৰকষ্টাৰ ছবি খনে শ্ৰেষ্ঠ ফিচাৰ্চ শাখাত ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল ।

অস্কাৰৰ বাবে মনোনয়ন কৰা হৈছিল ৰীমা দাসৰ “ভিলেইজ ৰকষ্টাৰ ” । ৰীমা দাসৰ ” বুলবুল কেন সিঙ” ছবি খন আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত বহুবাৰ প্ৰদৰ্শিত হৈছে। ৮ আগষ্টত এই ছবি মহোৎসৱৰ দ্য ডিষ্ট্ৰিক্ট ডকলেণ্ডছৰ হয়ট্ছত প্ৰদৰ্শিত হয় ৰীমা দাসৰ ছবিখন ।বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱৰ অন্যতম টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ “শ্বেয়াৰ হাৰ জাৰ্নী ” শীৰ্ষক পদক্ষেপৰ এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল ছবি নিৰ্মাতা ৰীমা দাসক ।

ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ‘Someone to Watch’ বঁটা লাভ কৰিছে অসমৰ ছবি নিৰ্মাতা-পৰিচালিকা ৰীমা দাসে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।

আয়েৰলেণ্ডত অনুষ্ঠিত ভাৰ্জিন মিডিয়া ডাবলিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান । ‘বুলবুল কেন চিং ‘ ছবিৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৰীমা দাসে ।

বুলবুলি কেন চিং ৰীমা দাসৰ তৃতীয় খন ছবি । ৰীমা দাসৰ ভিলেছ ৰকষ্টাৰ্ছ ছবি খনৰ জৰিয়তে সমগ্ৰ বিশ্বতে পৰিচয় প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে। ভিলেজ ৰকষ্টাৰ্ছ ছবি খন অস্কাৰলৈ মনোনীত হৈছিল যদিও শেষত থমকি ৰব লগা হয় । ‘অসমীয়া গাঁৱৰ কাহিনী এটাক লৈ নিৰ্মিত কৰা ছবিখনে বিশ্বৰ অন্য এক প্ৰান্তৰ মানুহৰ হৃদয় জিনিব পৰাটোৱে ছবিখনৰ বাবে এক অন্যান্য কৃতিত্ব বুলি প্ৰকাশ কৰে ৰীমা দাসে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Water supply in Guwahati to be disrupted for four days