শীৰ্ষ বাতৰি

নদীৰ সংযোগ: পানী সংকটৰ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা কৰাৰ আহ্বান সাংসদৰ

Sentinel Digital Desk

দেশত সৃষ্টি হোৱা পানী সংকটৰ সন্দৰ্ভত ৰাজ্য সভাৰ " শূণ্যকালিন ঘন্টাত " সাংসদ সকলে উত্থাপন কৰে । সোমবাৰে ৰাজ্যসভাত নদী সমূহৰ আন্তঃ সংযোগৰ বিষয়ে আলোচনা কৰে ।

বিজেপিৰ সাংসদ সত্যনাৰায়ন জাতিয়া আৰু এ আই এ ডি এম কেৰ সদস্য এ কে চেলবাৰাজে ৰাজ্য এই বিষয়টো উত্থাপন কৰে। উপনৈ সমুহ ডাঙৰ নৈত একেটা অঞ্চলতে জমা হোৱাৰ বাবে বানপানীৰ সৃষ্টি হয় আৰু আন দিশ গতি কৰোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই।

বিজেপিৰ সাংসদ হাৰনাথ সিঙ য়াদবে প্ৰকাশ কৰে যে, উত্তৰ প্ৰদেশৰ বহুতো জিলাত পানী প্ৰদূষিত আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। পানী সমূহ অধিক আইৰন, ফ্লৰিড আদি যুক্ত হোৱাৰ বাবে স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক ।

এই বিষয়টো গুৰুত্ব সহকাৰে লৈ, এন ডি এ চৰকাৰে " জল শক্তি অভিযান " বুলি আচনি মুকলি কৰিছিল । এই আঁচনিৰ জৰিয়তে বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা হৈছে । দেশৰ বহুতো জিলা ২৫৫ টা সংৰক্ষণৰ প্ৰচেষ্টা কৰাৰ কথা প্ৰকাশ কৰে ।

" জল শক্তি অভিযান " আঁচনিয়ে ভূপৃষ্ঠত পানীৰ নাটনি হোৱা দেশৰ ৩১৩ ব্লক , অতিৰিক্ত শোষিত ভূগৰ্ভস্থ পানীৰ ১,১৮৬ টা ব্লক আৰু ভূপৃষ্ঠৰ অধিক তলত থকা পানীৰ ৯৪ টা ব্লক সামৰি লৈছে ।

আন সমূহ বিষয়ৰ লগতে সাংসদ গৰাকীয়ে কেৰেলা- গোল্ফ চেক্টৰ অঞ্চলত উচ্চ এয়াৰফেয়াৰৰ সমস্যা, যমুনা এক্সপ্ৰেছত বৃদ্ধি হোৱা বাছ দুৰ্ঘটনা আৰু অবৈধ কয়লা ব্যবসায়ৰ সমস্যাও উত্থাপন কৰে ৰাজ্য সভাত ।