শীৰ্ষ বাতৰি

শ্ৰী সূৰ্য পাহাৰৰ বিষ্ণু যজ্ঞত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল‌

Sentinel Digital Desk

শ্ৰী সূৰ্য পাহাৰৰ বিষ্ণু যজ্ঞত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল‌ ।ৰবিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৱ গোৱালপাৰা অৱস্থিত শ্ৰী সূৰ্য পাহাৰৰ উপস্থিত হৈ প্ৰাৰ্থনা কৰে । তদুপৰি শ্ৰী সূৰ্য পাহাৰত অনুষ্ঠিত পবিত্ৰ বিষ্ণু যজ্ঞতো অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে এই হোলী‌ বিষ্ণু যজ্ঞত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু তেওঁৰ প্ৰেছ পৰামৰ্শদাতা হৃষিকেশ গোস্বামীয়ে।‌

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে " আমি কেৱল অসমৰ বাবে নহয় , এই সূৰ্য‌ পাহাৰত আমি সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।‌‌ লগতে তেওঁ কয় যে যদি আমি এক শৃংখলাবদ্ধ পদ্ধতি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে নিজক উচৰ্গা কৰো তেন্তে অসমীয়া বিকাশৰ দিশত অগ্ৰগতি লাভ কৰিব।

এয়া প্ৰথম বাৰৰ বাবে অজন্তা ইলোৰাৰ শ্ৰী সূৰ্য পাহাৰত কোনো‌ মুখ্যমন্ত্ৰী ভ্ৰমণ কৰিছে ।

দাবী কৰা মতে এই পুৰাতাত্ত্বিক স্থলত ৯৯,৯৯৯ টা শিৱ লিংগ আছে

শ্ৰী সূৰ্য পাহাৰৰ বিকাশ আৰু সংৰক্ষণ সম্পৰ্কে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে " আমি ইতিমধ্যে এই পাহাৰৰ বাবে ৫৫ লাখ টকা অনুদান আগবঢ়াইছো, কিন্তু এই খিনি‌য়ে এই বিশাল ক্ষেত্ৰটোৰ বাবে যথেষ্ট নহয়।‌ সেয়ে পুৰাতাত্ত্বিক বিভাগক এই ঠাই পৰিদৰ্শক কৰি তথ্য জমা কৰাৰ বাবে নিৰ্দেশ দিছো" ।

অন্যহাতে সংবাদ মাধ্যমৰ আগত হৃষিকেশ গোস্বামীয়ে কয় যে , " এই বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰি মই অত্যন্ত সুখী" ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ আগতে গোৱালপাৰা জিলা প্ৰশাসনে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা কৰিছিল লগতে মহা পূৰ্ণিমাৰ বাবে আহিবলগীয়া লাখ লাখ ভক্তৰ বাবে ও সকলো ব্যৱস্থা সমাপন কৰিছিল ।

গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ব্যক্তিগত ভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভ্ৰমণৰ সকলো ব্যৱস্থা কৰিছিল ।

ৰবিবাৰে এই অনুষ্ঠানত বিধায়ক দীপক কুমাৰ ৰাভা ,‌ এ কে‌ ৰছিদ আলম, আব্দুল ৰচিদ মন্দলেও মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সহযোগ কৰে । শ্ৰী সূৰ্য পাহাৰত প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাগম দেখা যায় । কৈৱৰ হিন্দু ধৰ্মাৱলম্বীৰ লোক বুলিয়েই নহয় বৌদ্ধ, জৈন , আদি বিভিন্ন সম্প্ৰদায়ৰ ভক্তগণে এই সূৰ্য পাহাৰত আহি প্ৰাৰ্থনা কৰে। মাঘৰ মাহত,মাঘী পূৰ্ণিমাৰ সময়ত প্ৰতি বছৰে শ্ৰী সূৰ্য পাহাৰ মন্দিৰৰ কমিটিয়ে সপ্তাহ যোৰা কাৰ্যসূচী অনুষ্ঠিত কৰে । এই বৰ্ষৰ এই অনুষ্ঠান শনিবাৰৰ পৰা আৰম্ভ হৈছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU takes out torch rally against CAA 2019 in Guwahati