শীৰ্ষ বাতৰি

কাৰাবন্দী কা-বিৰোধী আন্দোলনকাৰীক মুক্তিৰ দাবী বহু সংগঠনৰঃ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ

Sentinel Digital Desk

কাৰাবন্দী কা-বিৰোধী আন্দোলনকাৰীক মুক্তিৰ দাবী বহু সংগঠনৰঃ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ

ৰাজ্যত নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰা কাৰাবন্দী নেতাসকলক শীঘ্ৰে মুক্তি দিয়াৰ উত্থাপন কৰিছে ভালেসংখ্যক সংগঠনে।এই সংগঠনসমূহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকো মুক্তিৰ দাবী উত্থাপন কৰিছে। এই নেতাসকলক কা-বিৰোধী আন্দোলন চলি থকাৰ সময়ত গ্ৰেপ্তাৰ হয়। প্ৰথমে গ্ৰেপ্তাৰবৰণ কৰে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। সম্প্ৰতি এই নেতাসকলক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰিছে কেইবাটাও সংগঠনে। কালি মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰা এই সংগঠনসমূহ হ’ল টাই আহোম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ. সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা আদি।আনহাতে, কালি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা( এন আই এ)ৰ গুৱাহটীস্থিত বিশেষ আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈক। তেওঁৰ লগতে সংগঠনটোৰ শীৰ্ষ নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালকো আদালতত হাজিৰ কৰোৱা হয়।

আদালতে পুনৰ তিনিওকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।

আদালতৰ চৌহদত সাংঘাতিক অশান্তিত থকা বুলি মন্তব্য কৰে অখিল গগৈয়ে।

অসমবাসী ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ কৃষক মুক্তিৰ নেতাজনে আহ্বান জনোৱাৰ লগতে অসমৰ বাহিৰত থকা ৪-৫ লাখ যুৱকক ঘূৰাই আনিবলৈ চৰকাৰক দাবী জনায়।

তদুপৰি কৃষক পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আহ্বান জনোৱাৰ লগতে পেট্ৰোল ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ দুয়োজন নেতাই চৰকাৰক আহ্বান জনায়। ইপিনে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা নহয় বুলি গুৰুতৰ অভিযোগ তোলে ধৈৰ্য কোঁৱৰে। একেটা কোঠাতে ৪০-৫০ জন কয়দীক একেলগে ৰখা হয় বুলিও অভিযোগ তোলে ধৈৰ্যই।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষী থানাৰ এটা গোচৰৰ ভিত্তিত এন আই এই ৰুজু কৰা ০১/২০২০ নম্বৰৰ গোচৰত অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ বাবে যোৱা ১৬ এপ্ৰিলত চান্দমাৰীৰ নিয়া'ৰ বিশেষ আদালতৰ দ্বাৰস্থ হৈছিল তদন্তকাৰী সংস্থাটো।