শীৰ্ষ বাতৰি

প্ৰতিবাদ নসাৎ কৰি আজি লোকসভাত উত্থাপন হ'ব বিতৰ্কিত বিধেয়ক কেব

Sentinel Digital Desk

প্ৰতিবাদ নসাৎ কৰি আজি লোকসভাত উত্থাপন হ'ব বিতৰ্কিত বিধেয়ক কেব । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ আজি লোকসভাত উত্থাপন কৰিবলৈ তৈয়াৰ হৈছে । ইয়াৰ মাজতেই বি জে পি য়ে সকলো সাংসদক ৯ আৰু ১০ তাৰিখে লোকসভাত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰে।‌ উল্লেখযোগ্য যে লোকসভাত ‌বি জে পি‌ সাংসদৰ সংখ্যা ৩০২ ।

যোৱা বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিতৰ্কিত বিধেয়ক খনৰ ওপৰত অনুমোদন জনোৱা পিছত এই পদক্ষেপ লোৱা হৈছে । কেবিনেটৰ বৈঠকৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড়কৰে কয় যে এই বিধেয়ক খনে ভাৰতৰ জনসাধৰণৰ হিতৰ কথা চিন্তা কৰি অনা হয় ।

লগতে কয় যে বিধেয়ক খনৰ ব্যৱস্থাপনা সমূহ ঘোষণা হ'লে অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ দেশৰ জনসাধাৰণে এই বিধেয়ক খন আকোঁৱালি ল'ব ।

উত্তৰ পূৰ্বাঞ্চলৰ তিনি খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম অৰ্থাৎ যি ৰাজ্যত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে সেই ৰাজ্য সমূহ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা ৰেহাই পাব যাৰ দ্বাৰা ২০১৯ চনৰ নিৰ্বাচনৰ বাবে সেই ক্ষেত্ৰ সমূহত ৰাজনৈতিক ধাৰা মজবুত হ'ব । লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ অঞ্চল সমূহ ৰেহাই পাব ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৯ ৰ দ্বাৰা পাকিস্তান , আফগানিস্তান আৰু বাংলাদেশৰ উৎপীড়নত থকা হিন্দু, খ্ৰীষ্টান, শিখ, পাৰ্চী , জৈন আৰু বৌদ্ধ সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰয়াস কৰিছে । ইতিমধ্যে এই বিধেয়ক খন বিৰোধী দল সকলৰ লগতে কংগ্ৰেছেও অসংবিধানিক আখ্যা দিছে ।

উল্লেখযোগ্য যে এই বিধেয়ক খন আইনত পৰিণত হোৱাৰ লগে লগে ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তি আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থহীন হৈ পৰিব। এই বিধেয়ক খনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখলৈ অসম তথা দেশত প্ৰৱেশ কৰা সকলো অমুছলমান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিব।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ অসমৰ খিলঞ্জীয়া লোকৰ বাবে অত্যন্ত ক্ষতিকাৰক।