চিকিৎসক অবিহনে চলি আছে ১৫৫ খন চাহ বাগিচাৰ চিকিৎসালয়

চিকিৎসক অবিহনে চলি আছে ১৫৫ খন চাহ বাগিচাৰ চিকিৎসালয়

চিকিৎসক অবিহনে চলি আছে ১৫৫ খন চাহ বাগিচাৰ চিকিৎসালয় । চাহ বাগিচাৰ কৰ্মী সকলৰ স্বাস্থ্যক লৈ কিমান খিনি গুৰুত্ব প্ৰদান কৰে ৰাজ্য চৰকাৰ অথবা চাহ বাগিচা কতৃপক্ষই? কিন্তু তথ্যৰ পৰা গম পোৱা যায় যে ৰাজ্যৰ ৪৩৪ খন চাহ বাগিছাৰ চিকিৎসালয়ৰ ১৫৫ খন চিকিৎসক অবিহনে আছে ।

চাহ বাগান মজদুৰ অধিনিয়ম ১৯৫১ ৰ অনুসৰি সকলো চাহ বাগিচাত নিজৰ মজদুৰ সকলৰ উপযুক্ত স্বাস্থ্যৰ বাবে চিকিৎসক হ'ব লাগে । অসমত ৪৩৪ খন চাহ বাগিচাৰ ২৭৯ খনত চিকিৎসক অন্তৰ্ভুক্ত আছে আৰু ১৫৫ খন চিকিৎসক অবিহনে চলি আছে।‌

তদুপৰি চাহ বাগিছাত চিকিৎসকৰ নিযুক্তিৰ দায়িত্ব চাহ বাগিছা কতৃপক্ষৰ আছে আৰু চাহ বাগিছাত উপযুক্ত স্বাস্থ্য প্ৰদানৰ চোৱা চিতাৰ দায়িত্ব শ্ৰম বিভাগৰ আছিল ।

এই আইন খনৰ অধীনত চাহ বাগিছাৰ স্বাস্থ্য পৰীক্ষা নিৰীক্ষন কৰিবলৈ স্বাস্থ্য নিৰীক্ষক থাকিব লাগে । অসমৰ কৰ্মচাৰী আযুক্ত অনুসৰি ৰাজ্যৰ চাহ বাগিছা খণ্ড সমূহলৈ ৮ টা স্বাস্থ্য নিৰীক্ষকৰ পদবী স্বীকৃতি প্ৰদান কৰা হৈছে। বৰ্তমান ৰাজ্যৰ চাহ বাগিছা সমূহত দুজন স্বাস্থ্য নিৰীক্ষক আছে আৰু বাকী ৬ টা পদ বিগত ১০ বছৰ ধৰি খালি আছে ।‌২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰম বিভাগে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক চাহ বাগিছাৰ স্বাস্থ্য নিৰীক্ষকৰ বাকী পদ সমূহ পূৰণ কৰাক লৈ অৱগত কৰাইছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ গ্ৰহণ কৰা নাই।

ৰাজ্যৰ চাহ বাগিছা সমূহত ঔষধৰ অভাৱ অতি পুৰনি ।‌ ইতিমধ্যে ৰাজ্য চৰকাৰে চাহ বাগিছা সমূহত বিনামূলীয়া ঔষধ আচনি আৰম্ভ কৰিছে যদিও উপযুক্ত ঔষধৰ অভাৱ এতিয়াও আছে ।

সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে বিভিন্ন কাৰণ বশত: চিকিৎসক সকলে চাহ বাগিছাত কাম কৰিবলৈ কুণ্ঠাবোধ কৰে । কিছুদিন পূৰ্বে টিয়ক চাহ বাগিছাত এজন চিকিৎসকক হত্যাৰ কথাও পোহৰলৈ আহিছিল ।

এই সকলোৰে মাজত মূল কথা এই যে চিকিৎসক অবিহনে চাহ বাগিছাৰ চিকিৎসালয় সমূহ চলি থকাৰ আৰঁত কি? ৰাজ্য চৰকাৰ তথা চাহ বাগিছা কতৃপক্ষই পাৰিবনে চাহ বাগিছাৰ সমস্যা সমূহ দূৰ কৰিবলৈ?

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com