নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বৃহৎ প্ৰতিবাদী সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বৃহৎ প্ৰতিবাদী সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বৃহৎ প্ৰতিবাদী সমদল । শনিবাৰে গুৱাহাটী ৰাজপথৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল বিভিন্ন প্ৰতিবাদী সমদল। বিধেয়কৰ পৰা ষষ্ঠ অনুসূচীৰ এলেকা আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহ ৰেহাই পাইছে , আনহাতে অসম, ত্ৰিপুৰা,মণিপুৰৰ লগতে আন ৰাজ্য সমূহত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিয়াৰ চেষ্টা কৰিছে । গতিকে অসম, ত্ৰিপুৰা ,মণিপুৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য সমূহৰ বাবে কেনেদৰে সঠিক হব পাৰে বিধেয়ক খন ? এই ভাষ্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা গৰাকীয়ে।

শনিবাৰে সংবাদ মাধ্যমৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক খন উত্তৰ পূৰ্বাঞ্চলৰ কেইটামান এলেকাৰ বাবে ক্ষতিকাৰক তেন্তে আন এলেকা সমূহৰ বাবে কেনেকৈ ভাল হ'ব পাৰে ।

লগতে কয় যে কেন্দ্ৰই কেৱল ধৰ্মৰ আধাৰত ভোট বেংকৰ ৰাজনীতি কৰি আছে । আমি আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে বাংলাদেশী লোকৰ ওপৰত নিৰ্ভৰ নহয় বুলি কয় আছু নেতা জনে ।

অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত ভট্টাচাৰ্য্যই দাবী কৰে যে অসমৰ জনসাধাৰণে অসম চুক্তিৰ অধীনত সাংবিধানিক সুৰক্ষা বিচাৰে ।‌ কিন্তু ইয়াত সেই সকল‌লোকো অন্তৰ্ভুক্ত আছে যি সকল ১৯৭১ ৰ পিছত অসমত প্ৰৱেশ কৰিছে ।

লগতে ছাত্ৰ নেতা জনে কেন্দ্ৰৰ লগত অসম চুক্তিৰ ওপৰত মুখামুখি যুক্তি তৰ্কৰ প্ৰত্যাহ্বান জনাই।

শুকুৰবাৰে নেছ'ৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে উত্তৰ পূৰ্বাঞ্চলত আমাৰ ভৌগোলিক সীমা থাকিব পাৰে কিন্তু আমি সংকতৰ সময়ত সকলোৱে একগোট হও। লগতে কয় যে অসমৰ জনসাধাৰণে কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তক উচিত উত্তৰ দিব ।

মঙ্গলবাৰে নেছ'ৰ দ্বাৰা আহ্বান কৰা বন্ধৰ ওপৰত আছুৰ নেতা জনে কয় যে ১০ ডিচেম্বৰ অসম আন্দোলনৰ স্বহীদ সকলৰ স্মৃতিত স্বহীদ দীৱসো অনুষ্ঠিত হ'ব । তেওঁ জনতাক আহ্বান জনায় যে ১০ ডিচেম্বৰ ৰাতিপুৱা স্বহীদ সকলৰ প্ৰতি সন্মান জনোৱা পিছত দিনত বন্ধ পালন কৰিবলৈ ।

আছুৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে যি নহ'লেও নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও গ্ৰহন নকৰে, কিন্তু অসম চৰকাৰৰ নীৰৱতাই এই বিধেয়ক খন সমৰ্থনৰ ইংগিত দিয়ে। বি জে পি‌ আৰু অসম গন পৰিষদ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । ইয়াৰ মুখামুখি অসমৰ জনতাৰ সতে হ'ব । আছুৰ লগতে আন ৩০ টা স্বদেশী সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কয় আছুৰ সভাপতি জনে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com