শীৰ্ষ বাতৰি

শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত ২০০ ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি

Sentinel Digital Desk

শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত ২০০ ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি। শ্বিলঙৰ অসাৰিক হাস্পতাল মেঘালয়ৰ এখন ক’ৱিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি ৰখা এখন চিকিৎসালয়। এই চিকিৎসালয়ত সম্প্ৰতি ২০০ গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি কৰা হৈছে ।

এই কথা সদৰী কৰি শ্বিলঙৰ অসামৰিক হাস্পাতালৰ চিকিৎসা অধীক্ষক ডা: এছ এছ ননব্ৰিয়ে সংবাদ মাধ্যমৰ আগত কয়," আমি চিকিৎসালয়খন কোভিড-১৯ ৰ ২০০ গৰাকী ৰোগী ভৰ্তি কৰিব পৰাকৈ বাবে সাজু কৰি তোলা হৈছে। এই প্ৰস্তুতিৰ ৮০% কাম সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ চিকিৎসালয়খন ক’ৱিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হ'ব । ইয়াত থকা সকলো ৰোগীকে অন্য চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লাগিব " ।

তেওঁ কয় যে ৰাজ্য চৰকাৰে আৰ পি ছেষ্ক হস্পাতাল, আৰু মিলিটাৰী হাস্পাতালো কোভিড-১৯ ৰোগীৰ বাবে ব্যৱহাৰ কৰাৰ বাবে চিহ্নিত কৰিছে ।

আনহাতে, শ্বিলং অসামৰিক হাস্পতালৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ অনদ্ৰেছ ডাখাৰে কয় সম্প্ৰতি চিকিৎসালয়খনত ২০ তকৈ অধিক আইচলেচন বেড আছে আৰু সন্দেহজনক ৰোগীৰ বাবে ৪০টাতকৈ অধিক কোঠা আছে ।

লগতে তেওঁ কয় যে বৰ্তমান তেওঁলোকৰ ওচৰত কোভিড -১৯ ৰ বাবে ৪/৫ টা ভেন্টিলেটৰ আছে ।‌ যদিহে কোনো সংকটজনক ৰোগী আহে তেন্তে তেওঁক NEIGRIHMS লৈ পঠোৱা হব ।

চিকিৎসক সন্দৰ্ভত তেওঁ কয় যে যুৱ চিকিৎসক সমূহে কোনো শংকা নোহোৱাকৈ কাম কৰি আছে ।