Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী মুক্ত হ’ল গোৱা-মণিপুৰ, সুস্থ হৈছে সকলো আক্ৰান্ত

ক’ৰ’না মহামাৰী মুক্ত হ’ল গোৱা-মণিপুৰ, সুস্থ হৈছে সকলো আক্ৰান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 April 2020 10:56 AM GMT

ক’ৰ’না মহামাৰী মুক্ত হ’ল গোৱা-মণিপুৰ, সুস্থ হৈছে সকলো আক্ৰান্ত

ক’ৰ’না মহামাৰীৰ কৱলৰ পৰা মুক্ত হৈছে মণিপুৰ আৰু গোৱা। সততে বিদেশী পৰ্যটকে ভ্ৰমণ কৰা গোৱাৰ সকলো আক্ৰান্তই সুস্থ হৈছে। একেদৰে মণিপুৰৰ আক্ৰান্তসকলো সুস্থ হৈছে। মণিপুৰত এই অতি সংক্ৰামক ভাইৰাছৰ দ্বাৰা এগৰাকী যুৱতীসহ দুজন লোক আক্ৰান্ত হৈছিল। মণিপুৰৰ দ্বিতীয়জন ক’ৱিড-১৯ পজিটিভ ৰোগীৰ শেহতীয়া নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত এই সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল। ইম্ফলৰ আৰ আই এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল এই লোকজন। সম্প্ৰতি মণিপুৰত ক’ৰ’না আক্ৰান্ত কোনো লোক নাই। ইয়াৰ পূৰ্বে আনজন আক্ৰান্তৰ নমুনা পৰীক্ষাত এই ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল। ৰাজ্যখনৰ প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত আছিল এগৰাকী ২৩বছৰীয়া যুৱতী। লণ্ডনত শিক্ষাগ্ৰহণ কৰি থকা যুৱতীগৰাকী যোৱা মাহত ঘৰলৈ আহে। তাৰ পাছতে তেওঁৰ শৰীৰত ক’ৱিড-১৯ ধৰা পৰে। কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁ সুস্থ হয়। সম্প্ৰতি এই কথা ঘোষণা কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। আনহাতে, গোৱাৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিত ৰাণেই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ সকলো আক্ৰান্ত সুস্থ হৈছে। অৱশ্যে বৰ্তমানেও ৰাজ্যখনৰ ৪৬জন আক্ৰান্তৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱা নাই বুলি মন্ত্ৰীজনে জনায়।

অন্য খবৰৰ বাবে পঢ়ক: দেশত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৫৪৩জনলৈ বৃদ্ধি , আক্ৰান্তৰ সংখ্যাৰো দ্ৰুত বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি