Begin typing your search above and press return to search.

দেশত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৫৪৩জনলৈ বৃদ্ধি , আক্ৰান্তৰ সংখ্যাৰো দ্ৰুত বৃদ্ধি

দেশত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৫৪৩জনলৈ বৃদ্ধি , আক্ৰান্তৰ সংখ্যাৰো দ্ৰুত বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 April 2020 10:50 AM GMT

দেশত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৫৪৩জনলৈ বৃদ্ধি , আক্ৰান্তৰ সংখ্যাৰো দ্ৰুত বৃদ্ধি

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত আজিলৈকে ক’ৰ’না মহামাৰীত ৫৪৩জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ১৭,২৬০ জনলৈ বৃদ্ধি পাইছে। মাথোঁ যোৱা ২৪ ঘন্টাতে দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত ৩৬জন লোকৰ মৃত্যু হৈছে। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১,৫৫৩জন নতুন ক’ৰ’না মহামাৰীত আক্ৰান্ত ধৰা পৰে। ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৭,২৬০লৈ বৃদ্ধি পায়।

ইপিনে, আজিৰ পৰা দেশৰ কেতবোৰ অঞ্চলত কিছুমান কাম-কাজ আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত নিৰ্দেশনাও জাৰি কৰিছে। দেশৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই সেই অঞ্চলসমূহত চৰ্তসাপেক্ষে কেইটামান সেৱা আৰম্ভ কৰাৰ অনুমতি দিছে।

অন্য খবৰৰ বাবে পঢ়ক: লক-ডাউনৰ সময়ত সময় অতিবাহিত কৰিবলৈ মঙলদৈৰ বিশিষ্ট নাগৰিকৰ পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি