লক-ডাউনৰ সময়ত সময় অতিবাহিত কৰিবলৈ মঙলদৈৰ বিশিষ্ট নাগৰিকৰ পদক্ষেপ

লক-ডাউনৰ সময়ত সময় অতিবাহিত কৰিবলৈ মঙলদৈৰ বিশিষ্ট নাগৰিকৰ পদক্ষেপ

লক-ডাউনৰ সময়ত সময় অতিবাহিত কৰিবলৈ মঙলদৈৰ বিশিষ্ট নাগৰিকৰ পদক্ষেপ।‌ কৱিড-১৯ মহামাৰীৰ সময়ত জ্যেষ্ঠ তথা বয়স্ক নাগৰিকসকলক সকলোতকৈ স্পৰ্শকাতৰৰূপে অভিহিত কৰা হয়। বয়স্ক ব্যক্তিসকলৰ বাবে চৰকাৰে লক-ডাউনৰ সময়চোৱাত ঘৰৰ ভিতৰত থাকিবলৈ কিছু বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।

এই সময়তে মঙলদৈৰ একাংশ বিশিষ্ট নাগৰিকৰ পৰিয়ালৰ লগত হোৱা কথা বতৰাৰ পিছত জানিব পৰা যায় যে তেওঁলোকৰ একাংশই এতিয়াও কোনো চিন্তা নোহোৱাকৈ লকডাউনৰ সময় অতিবাহিত কৰি আছে ।

মঙলদৈৰ বিশিষ্ট নাগৰিক সংঘৰ কাৰ্যকৰী সভাপতি হৰেশ্বৰ শৰ্মাই কয় যে এই সংঘত ২৫০ জন সদস্য আছে । ইয়াৰ ভিতৰত ডা: ছিৰাজুল হক সকলোতকৈ জ্যেষ্ঠ। সম্প্ৰতি তেওঁৰ বয়স ৯৫ বছৰ ।

আন কেইজনমান ব্যক্তি হৰেন শৰ্মা , প্ৰভাত শৰ্মা, জীৱন চি এইচ শৰ্মা আৰু শিৱা শৰ্মাৰ বয়স ৯০ ৰ ওচৰা-ওচৰি ।

তেওঁ কয় যে ফুলেন্দ্ৰ নাথ চহৰীয়া , ড° নগেন্দ্ৰ নাথ শৰ্মা , দণ্ডী চহৰীয়া , ৰত্নেশ্বৰ শৰ্মা বৰুৱাৰ বয়স ৮০ ৰ ওচৰা-ওচৰি।

ভাল খবৰ এয়ে যে কিছুসংখ্যক বৃদ্ধ অৱস্থাৰ অসুখৰ বাহিৰে সকলো সুস্থ ।

ছিৰাজুল হকৰ পুত্ৰ ই কয়, " শ্ৰব্যৰ সমস্যাৰ বাহিৰে আব্বাৰ আন কোনো স্বাস্থ্য সম্বন্ধীয় সমস্যা নাই । তেওঁ সদায় পুৱা নামাজৰ বাবে উঠে আৰু ধাৰ্মিক গ্ৰন্থ পঢ়িয়েই দিন অতিবাহিত কৰে "।

সাহিত্য সভা এছ এন ব্ৰহ্ম চৌধুৰী বঁটা প্ৰাপ্ত ড° নগেন্দ্ৰ নাথ শৰ্মাই বেছি সময় কাব্যিক পুথি পঢ়ি কটায় ।

শৰ্মাই কয় যে তেওঁ কথা ৰামায়ন পঢ়াৰ লগতে মেঘদূত আৰু কালিদাস অধ্যয়ন কৰিছে ।

তদুপৰি আন বিশিষ্ট ব্যক্তি সকলেও কিতাপ পঢ়ি , গান শুণি ,গান গাই লকডাউন অতিবাহিত কৰা বুলি জানিব পৰা যায় ।‌

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com