Begin typing your search above and press return to search.

বনৰীয়া মেকুৰী-হৰিণাৰ মাংসৰ সৈতে নাগালেণ্ডত লক-ডাউন উৎসৱ

বনৰীয়া মেকুৰী-হৰিণাৰ মাংসৰ সৈতে নাগালেণ্ডত লক-ডাউন উৎসৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 April 2020 7:34 AM GMT

বনৰীয়া মেকুৰী-হৰিণাৰ মাংসৰ সৈতে নাগালেণ্ডত লকডাউন উৎসৱ। অৰুণাচল প্ৰদেশত ৰজা ফেঁটী সাপ বধ কৰাৰ পিছত এইবাৰ নাগালেণ্ডত লুপ্তপ্ৰায় প্ৰাণীৰ মাংসৰ সৈতে পালন কৰা হৈছে লকডাউন উৎসৱ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে দুজন যুৱকে অতি গৌৰৱেৰে প্ৰদৰ্শন কৰিছে বনৰীয়া জীৱ-জন্তু । ভিডিঅ'টিত দেখিবলৈ পোৱা গৈছে যুৱক কেইজনে কেইবাটাও হৰিণা আৰু বণৰীয়া মেকুৰী বধ কৰিছে । এই ঘটনাটো নাগালেণ্ডৰ কোনো এক প্ৰান্তৰ । ভিডিঅ'টিত এজন যুৱকে কৈছে, "আমি লকডাউন‌ উৎপল পালন কৰি আছো "। লগতে তেওঁ বন্যপ্ৰাণী চিকাৰৰ কথা অতি গৰ্বৰে কয় ।

যুৱক কেইজনক জংঘলৰ মাজত মাছ আৰু মাংস পুৰি থকা দেখা গৈছে। তেওঁলোকে শিবিৰ স্থাপন কৰা সঠিক স্থান এতিয়াও চিহ্নিত হোৱা নাই যদিও এয়া নাগালেণ্ডৰ কোনো প্ৰান্তৰ ঘটনা বুলি নিশ্চিত।

এজন যুৱকে কয় যে তেওঁ বনৰীয়া জীৱ-জন্তু ধৰিছে আৰু বধ কৰিছে, কিয়নো তেওঁলোকে লক-ডাউনৰ নীতি নিৰ্দেশনা নামানি জংঘলত মুক্ত মনে ঘূৰি ফুৰিছে ।

যুৱকজনে নিজৰ আঙুলিৰে গৌৰৱৰ চিহ্ন প্ৰদৰ্শন কৰি কয়, " আমি আগন্তুক সাতদিনলৈ জংঘলৰ আশে-পাশে থাকিম । এয়া আমাৰ বাবে পাৰ্টী টাইম " ।

আনহাতে, ঘটনা সন্দৰ্ভত নাগালেণ্ড বন বিভাগে কয় যে তেওঁলোকে এই ভিডিঅ' ইতিমধ্যে লাভ কৰিছে আৰু ইয়াৰ তদন্ত কৰি আছে । সম্ভৱতঃ এই ঘটনাটো নাগালেণ্ডৰ ইনটাকি ৰাষ্ট্ৰীয় উদ্যানৰ হ'ব পাৰে বুলি কয় বন বিভাগে।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশত এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল য'ত এদল মানুহে ১২ ফুট দীঘল ৰজা ফেঁটী সাপ হত্যা কৰি উৎপল পালন কৰিছিল। ইয়াৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক: অসমত তীব্ৰ গতিত হ্ৰাস পাইছে ক’ৱিড-১৯ৰ ৰোগী : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি