অসমত তীব্ৰ গতিত হ্ৰাস পাইছে ক’ৱিড-১৯ৰ ৰোগী : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত তীব্ৰ গতিত হ্ৰাস পাইছে ক’ৱিড-১৯ৰ ৰোগী : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত তীব্ৰ গতিত হ্ৰাস পাইছে ক’ৱিড-১৯ৰ ৰোগী : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ক’ৱিড-১৯ৰ ৰোগীৰ সংখ্যা বিগত কিছুদিনৰ পৰা তীব্ৰ গতিত হ্ৰাস পাইছে। তদুপৰি ৰাজ্য চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ৰ’না‌ আক্ৰান্ত সন্দেহজনক ব্যক্তিৰ কোৱাৰেন্টাইনৰ সুবিধাৰ বাবে অধিক সুবিধাৰ তৈয়াৰ কৰিছে ।

মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা ৫ জন‌ ক’ৱিড-১৯ৰ আক্ৰান্ত ব্যক্তিৰ ৪ টা পৰীক্ষা নিগেটিভ ওলোৱাৰ পিছত তেওঁলোকক দেওবাৰে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয়।‌ এই ব্যক্তিসকলৰ ভিতৰত আছে মহম্মদ শ্বাহৰুখ, মাফিজুদ্দিন, জামিলা খাতুন, মহম্মদ আশ্ৰফ আলী, আৰু জু-ৰোডৰ স্পেনিছ গাৰ্ডেনৰ নিৱাসী মণীষ তিব্ৰেৱাল ।

অসমত ক’ৱিড-১৯-ত আক্ৰান্ত ৩৪ জন ৰোগী আছে । ইয়াৰে দেওবাৰলৈ ১৭ জন‌ ৰোগীক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে আৰু ১৬ জন এতিয়াও চিকিৎসাধীন হৈ আছে। দুৰ্ভাগ্যবশতঃ এজন ৰোগীয়ে শিলচৰ মেডিকেল কলেজত মৃত্যুবৰণ কৰিছে ।

মন্ত্ৰী শৰ্মাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়,“আমি আশা কৰিছো যে সোমবাৰে লখিমপুৰ অসামৰিক হাস্পাতাল আৰু সোণাপুৰ হস্পাতালৰ পৰা এজনকৈ ৰোগীক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হব । আন ৰোগীকলো সুস্থ হৈ উঠিব। ৰোগীসকলৰ বৰ্তমানৰ স্থিতিৰ আধাৰত আশা কৰিব পাৰো যে কিছুদিনৰ ভিতৰত আৰু অধিক ৰোগী সুস্থ হৈ উঠিব । এসপ্তাহৰ ভিতৰতে ৰোগীৰ সংখ্যা এককৰ ঘৰলৈ আনিব"।

তেওঁ কয় যে দ্বিতীয়বাৰৰ বাবে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্তক ঘৰলৈ যোৱাৰ অনুমতি দিয়া নহয় । তদুপৰি সুস্থ হৈ উঠা লোকসকল ঘৰ অথবা চিকিৎসালয়ত প্ৰয়োজন অনুসৰি নিৰীক্ষণত থাকিব লাগিব।

তেওঁ কয় যে সুস্থ হৈ উঠা স্পেনিছ গাৰ্ডেনৰ মনিষ টিবৰেৱালক ঘৰলৈ যাবলৈ দিয়া হোৱা নাই কিয়নো স্পেনিছ গাৰ্ডেন ছীল কৰি ৰখা হৈছে। যেতিয়ালৈ স্পেনিছ গাৰ্ডেনৰ ছীল খোলা নহয় তেতিয়ালৈকে তেওঁক গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত থাকিবলৈ দিয়া হ'ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায়।ইতিমধ্যে কিছুসংখ্যক ৰোগীক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে।

শৰ্মাই কয় যে ক’ৱিড-১৯ৰ শৃংখল ভাঙিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়াস কৰিছে । সকলো ধৰণৰ পজিটিভ ৰোগীক কোৱাৰেন্টাইনত ৰখা হৈছে আৰু কোনো ধৰণৰ ক’ৱিড-১৯ৰ আক্ৰান্ত ব্যক্তিৰ কাৰো সংস্পৰ্শত নাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com