Begin typing your search above and press return to search.

তিনিচুকীয়াত ৩২ জন ক’ৱিড-১৯ ৰ সন্দেহজনক ব্যক্তিক ঘৰলৈ যোৱাৰ অনুমতি

তিনিচুকীয়াত ৩২ জন ক’ৱিড-১৯ ৰ সন্দেহজনক ব্যক্তিক ঘৰলৈ যোৱাৰ অনুমতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2020 10:09 AM GMT

তিনিচুকীয়াত ৩২ জন ক’ৱিড-১৯-ৰ সন্দেহজনক ব্যক্তিক ঘৰলৈ যোৱাৰ অনুমতি। প্ৰায় সমগ্ৰ বিশ্ব এতিয়া ক’ৰ’না মহামাৰী গ্ৰাসত। দেশৰ ১৪,০০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত । তদুপৰি অসমতো এই ভাইৰাছে কিছু পৰিমাণে সংহাৰী ৰূপ ধাৰণ কৰিছে । অৱশ্যে ইয়াৰ মাজতে ভাল খবৰো আহিছে ৷ তিনিচুকীয়াৰ জি এন বি অসামৰিক হাস্পাতালত চিকিৎসাধীন হৈ থকা ৩২ জন ক’ৱিড-১৯-ৰ দ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰা ব্যক্তিক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে।‌ উল্লেখ্য যে লোক কেইজনক কোৱাৰাইন্টাইনত ৰখা হৈছিল । তেওঁলোকৰ নমুনা নিগেটিভ ওলোৱাৰ পিছতেই তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই। এই লোক সকল শদিয়াৰ।

শদিয়াৰ মহকুমা প্ৰশাসনে এই ৩২ জন‌ লোকক মছজিদ পট্টী, শান্তিপুৰ , মুগলপুৰ, আৰু আন ঠাইৰ পৰা যোৱা ৪ এপ্ৰিলত চিকিৎসালয়লৈ আনে । প্ৰশাসনে তথ্য গ্ৰহণ কৰিছিল যে এই লোক কেইজন অৰুণাচল প্ৰদেশৰ এজন লোকৰ সংস্পৰ্শলৈ আহিছিল যিয়ে নিজামুদ্দিন মাৰকাজৰ যোৱা মাহৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ১৪ দিনীয়া কোৱাৰেন্টাইনৰ পিছত তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয়।

উল্লেখ্য যে ৰাজ্যৰ প্ৰায় ৮৪,০০০ লোকক ঘৰুৱা কোৱাৰেন্টাইত ৰখা হয় । তাৰ ভিতৰত ৭২,০০০ লোকক মুকলি কৰি দিয়া হৈছে।

তদুপৰি ক’ৱিড-১৯পজিটিভ সকলৰ লক্ষণ সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই মহামাৰী আক্ৰান্ত ব্যক্তিৰ ৮২% লোকৰ দেহতে কোনো ধৰণৰ লক্ষণ দেখা পোৱা নাযায় ।‌ কোৱাৰেন্টাইত ৰখাৰ পিছতহে এয়া ধৰা পৰে । ইয়াৰ অৰ্থ এয়ে যে এই ভাইৰাছ বিধ নীৰৱ বাহক ।

তেওঁ কয় যে ক’ৱিড-১৯ৰ শৃংখল ভঙাত সফল হৈছে ৰাজ্য। তেতিয়া সকলো পজিটিভ ব্যক্তি চিনাক্ত কৰি কোৱাৰেন্টাইত ৰখা হৈছে আৰু সামাজিক দূৰত্ব বজাই ৰখা হৈছে। যদি সময়মতে তেওঁলোকক কোৱাৰেন্টাইত ৰখা নগল হয়‌ তেন্তে এই ভাইৰাছ সংক্ৰমণ বৃদ্ধি পালে হয় ।

সাধাৰণতে ৰোগী সকলৰ বয়স ১৮ ৰ পৰা ৭১ বছৰৰ ভিতৰত হয় । তাৰে প্ৰায়ভাগ ৫০ ৰ পৰা ৬০ বছৰৰ‌ ভিতৰত । তাৰ ভিতৰত ৭৯ % লোক পুৰুষ আৰু ২১ % লোক মহিলা ।‌

ৰাজ্যত বৰ্তমান সময়লৈকে ৪,৪০০ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত ৪,১৯৯ টা নমুনা নিগেটিভ ওলাইছে। ৩৪ টা পজিটিভ আৰু ১৬৭ টা নমুনাৰ ৰিপোৰ্ট আহিব এতিয়াও বাকী আছে ।

অন্য খবৰৰ বাবে পঢ়ক: কোৰোনা মহামাৰী: কোৰোনা মুক্ত হ’ল মণিপুৰ আৰু অৰুণাচল প্ৰদেশ‌

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি