কোৰোনা মহামাৰী: কোৰোনা মুক্ত হ'ল মণিপুৰ আৰু অৰুণাচল প্ৰদেশ‌

কোৰোনা মহামাৰী: কোৰোনা মুক্ত হ'ল মণিপুৰ আৰু অৰুণাচল প্ৰদেশ‌

কোৰোনা মহামাৰী: কোৰোনা মুক্ত হ'ল মণিপুৰ আৰু অৰুণাচল প্ৰদেশ‌। মণিপুৰৰ দ্বিতীয়জন ক’ৱিড-১৯ পজিটিভ ৰোগীৰ শেহতীয়া নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত এই সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল। ইম্ফলৰ আৰ আই এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল এই লোকজন। সম্প্ৰতি মণিপুৰত ক’ৰ’না আক্ৰান্ত কোনো লোক নাই। ইয়াৰ পূৰ্বে আনজন আক্ৰান্তৰ নমুনা পৰীক্ষাত এই ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল। ৰাজ্যখনৰ প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত আছিল এগৰাকী ২৩বছৰীয়া যুৱতী। লণ্ডনত শিক্ষাগ্ৰহণ কৰি থকা যুৱতীগৰাকী যোৱা মাহত ঘৰলৈ আহে। তাৰ পাছতে তেওঁৰ শৰীৰত ক’ৱিড-১৯ ধৰা পৰে। কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁ সুস্থ হয়। উল্লেখ্য যে মাৰাত্মক ক’ৱিড-১৯ পৰা সম্প্ৰতি মুক্ত হৈছে অৰুণাচল প্ৰদেশো। অৰুণাচল প্ৰদেশত এজন লোকৰ শৰীৰত ধৰা পৰিছিল এই ভাইৰাছ। কিন্তু শেহতীয়াকৈ উক্ত লোকজনৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে।

উল্লেখ্য যে ,অসমত বৰ্তমানলৈ চিনাক্ত হোৱা 34 জন ক’ৰ’না আক্ৰান্তৰ অধিকাংশ তথা ৩২ জনৰে সম্পৰ্ক আছে দিল্লীৰ নিজামুদ্দিনৰ দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতৰ সৈতে। এই ক’ৰ’না আক্ৰান্তসকলৰ মাজৰ এজনৰ ইতিমধ্যে মৃত্যু হৈছে। বৃহস্পতিবাৰে মৰিগাঁও জিলাত দুজন ক’ৱিড আক্ৰান্ত চিনাক্ত কৰা হয়। লক্ষ্যণীয় যে এই লোক দুজনৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ স্বয়ং উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে।

অৱশ্যে ৰাজ্যৰ অধিকাংশ এই মহামাৰী আক্ৰান্ত সুস্থ হৈছে। ইতিমধ্যে চাৰিজনক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰে দুজন গোৱালপাৰাত চিকিত্সাধীন হৈ আছিল। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে সাক্ষাত কৰে। আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুগৰাকী ক’ৱিড-১৯ পজিটিভ ব্যক্তিক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পাতালৰ পৰা শনিবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছে।‌ এতিয়ালৈকে ১২ জন‌ ব্যক্তি সুস্থ হৈ উঠাৰ পিছত ঘৰলৈ যাবৰ বাবে অনুমতি দিয়া হৈছে। আনহাতে, এজন আক্ৰান্ত লোকৰ ইতিমধ্যে মৃত্যু হৈছে । বৰ্তমানে ৰাজ্যত ক’ৱিড-১৯-ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৯ জন আৰু সকলোৰে অৱস্থা সুস্থিৰ । ৰাজ্যত ক’ৱিড-১৯ৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মুঠ সংখ্যা ৩৪।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com