Begin typing your search above and press return to search.

ক’ৱিড-১৯ত অসম এতিয়া সুস্থিৰ স্থিতিত আছে : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক’ৱিড-১৯ত অসম এতিয়া সুস্থিৰ স্থিতিত আছে : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2020 7:13 AM GMT

ক’ৱিড-১৯ত অসম এতিয়া সুস্থিৰ স্থিতিত আছে : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ১০ লাখ লোকৰ ভিতৰত ১২০ জনৰ পৰীক্ষা কৰাইছে । এই ক্ষেত্ৰত দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিস্থিতি ভাল । তেওঁ কয় যে ৰাজ্যৰ ৫ খন জিলা ক’ৱিড-১৯ৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে।‌ ৰাজ্য বৰ্তমানে সুবিধাজনক স্থিতিত আছে, কিয়নো ক’ৱিড-১৯ পজিটিভ সকলো ব্যক্তিকে কোৱাৰেন্টাইনত ৰখা হৈছে আৰু সমাজত কোনো ধৰণৰ সংক্ৰমণ হোৱাৰ পূৰ্বে ।‌

শৰ্মাই কয় যে দুগৰাকী ক’ৱিড-১৯ পজিটিভ ব্যক্তিক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পাতালৰ পৰা শনিবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছে।‌ এতিয়ালৈকে ১২ জন‌ ব্যক্তি সুস্থ হৈ উঠাৰ পিছত ঘৰলৈ যাবৰ বাবে অনুমতি দিয়া হৈছে। আনহাতে, এজন আক্ৰান্ত লোকৰ ইতিমধ্যে মৃত্যু হৈছে । বৰ্তমানে ৰাজ্যত ক’ৱিড-১৯-ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৯ জন আৰু সকলোৰে অৱস্থা সুস্থিৰ । ৰাজ্যত ক’ৱিড-১৯ৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মুঠ সংখ্যা ৩৪।

মহেন্দ্ৰ মোহন চৌধুৰী হস্পাতালত সুস্থ হৈ উঠা ব্যক্তি দুজন উত্তৰ প্ৰদেশৰ। তাবলিগি জামাতত অংশগ্ৰহণ কৰি তেওঁলোকৰ ১১ জনীয়া দল এটাই নলবাৰী ভ্ৰমণ কৰিছিল । তেওঁলোক সকলোকে কোৱাৰেন্টাইনত ৰখা হৈছে। তাৰ ভিতৰত ক’ৰ’নাৰ অৱস্থিতি ধৰা পৰা ৪ জন‌ লোকক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত ৰখা হয়, দুজনৰ চিকিৎসা ইতিমধ্যে চলি আছে আৰু আন‌ ৭ জন ব্যক্তিক ৰখা হয় সৰুসজাই ষ্টেডিয়ামত।

ক’ৱিড-১৯পজিটিভ সকলৰ লক্ষণ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে এই মহামাৰী আক্ৰান্ত ব্যক্তিৰ ৮২% লোকৰ দেহতে কোনো ধৰণৰ লক্ষণ দেখা পোৱা নাযায় ।‌ কোৱাৰেন্টাইত ৰখাৰ পিছতহে এয়া ধৰা পৰে । ইয়াৰ অৰ্থ এয়ে যে এই ভাইৰাছ বিধ নীৰৱ বাহক ।

তেওঁ কয় যে ক’ৱিড-১৯ৰ শৃংখল ভঙাত সফল হৈছে ৰাজ্য। তেতিয়া সকলো পজিটিভ ব্যক্তি চিনাক্ত কৰি কোৱাৰেন্টাইত ৰখা হৈছে আৰু সামাজিক দূৰত্ব বজাই ৰখা হৈছে। যদি সময়মতে তেওঁলোকক কোৱাৰেন্টাইত ৰখা নগল হয়‌ তেন্তে এই ভাইৰাছ সংক্ৰমণ বৃদ্ধি পালে হয় ।

সাধাৰণতে ৰোগী সকলৰ বয়স ১৮ ৰ পৰা ৭১ বছৰৰ ভিতৰত হয় । তাৰে প্ৰায়ভাগ ৫০ ৰ পৰা ৬০ বছৰৰ‌ ভিতৰত । তাৰ ভিতৰত ৭৯ % লোক পুৰুষ আৰু ২১ % লোক মহিলা ।‌

ৰাজ্যত বৰ্তমান সময়লৈকে ৪,৪০০ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত ৪,১৯৯ টা নমুনা নিগেটিভ ওলাইছে। ৩৪ টা পজিটিভ আৰু ১৬৭ টা নমুনাৰ ৰিপোৰ্ট আহিব এতিয়াও বাকী আছে ।‌

শৰ্মাই কয় যে ৰাজ্যৰ প্ৰায় ৮৪,০০০ লোকক ঘৰুৱা কোৱাৰেন্টাইত ৰখা হয় । তাৰ ভিতৰত ৭২,০০০ লোকক মুকলি কৰি দিয়া হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৱিড-১৯ৰ লক-ডাউনৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে হতাশাগ্ৰস্থতা , দুঃশ্চিন্তা আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি