Begin typing your search above and press return to search.

ক’ৱিড-১৯ৰ লক-ডাউনৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে হতাশাগ্ৰস্থতা , দুঃশ্চিন্তা আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনা

ক’ৱিড-১৯ৰ লক-ডাউনৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে হতাশাগ্ৰস্থতা , দুঃশ্চিন্তা আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2020 6:55 AM GMT

ক’ৱিড-১৯ৰ লক-ডাউনৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে হতাশাগ্ৰস্থতা , দুঃশ্চিন্তা আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনা । সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছে তলা বন্ধ ।‌এই সময়চোৱাত ৰাজ্যৰ বহুলোকৰ মনত বৃদ্ধি পাইছে হতাশাগ্ৰস্থতা, উদ্বেগ-দুশ্চিন্তা আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনা ।‌ বহু লোকে হেল্প লাইন‌নম্বৰ ১০৪ ত ফোন কৰি মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শও গ্ৰহণ কৰিছে ।

হেল্পলাইন নম্বৰ ১০৪ ৰ এগৰাকী সূত্ৰ ই কয়, " আমি দৈনিক প্ৰায় ১০,০০০ ফোন কল পাই আহিছো । ইয়াৰে অধিকাংশই ক’ৱিড-১৯ ৰ পৰামৰ্শ বিচৰা ব্যক্তি । কিন্তু ইয়াৰ কিছুসংখ্যকে মনোবিজ্ঞানীৰ পৰামৰ্শ বিচাৰি ফোন কৰা দেখা যায়। সেই কল সমূহ আমি বিশেষজ্ঞ, মনোবিজ্ঞানীলৈ হস্তান্তৰ কৰো " ।

আনহাতে, গুৱাহাটীস্থিত এগৰাকী মনোবিজ্ঞানীয়ে কয় যে যুৱ আৰু মধ্য বয়সৰ কিছু সংখ্যক লোকে মনোবিজ্ঞানীৰ পৰামৰ্শ বিচাৰি ফোন কৰে কিয়নো তেওঁলোকে ঘৰত বন্ধ হৈ থাকিব লগীয়া হৈছে আৰু তাৰ ফলত তেওঁলোকৰ চিন্তা, হতাশা বৃদ্ধি পাইছে। তদুপৰি কিছুসংখ্যক অভিভাৱক যিসকলৰ ল'ৰা-ছোৱালী বাহিৰত আছে, লকডাউনৰ সময়চোৱাত কেনেদৰে মানসিক আৰু শাৰীৰিক সুস্থতা বজাই ৰাখিব বিচৰাৰ পৰামৰ্শ বিচাৰে ।

তেওঁ কয়, " মই কিছুমান এনেধৰণৰ কল পাইছো যি সকল লোক সুৰাসক্ত। ইয়াৰে কিছুসংখ্যকে অজান ভয়, হতাশা, ভোকহীনতা, শৰীৰৰ কঁপনিত ভোগা দেখা যায়"।

তেওঁ কয় যে ফোন কৰা লোকসকলক তেওঁ বিভিন্ন উপায় যেনে কিতাপ পঢ়া, যোগচৰ্চা কৰা, পৰিয়ালৰ লোকৰ লগত সময় কটোৱা, ভাল ছবি চোৱাৰ, ব্যায়াম, প্ৰাৰ্থনা কৰাৰ পৰামৰ্শ দিয়ে ।

তেওঁ কয় যে সুৰা আসক্ত ব্যক্তি আৰু যি সকলে সুৰাৰ বাবে কিছুমান লক্ষণে দেখা দিছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

আনহাতে, লক-ডাউনৰ সময় চোৱাত গাৰ্হস্থ্য হিংসাৰ ঘটনাও বৃদ্ধি পাইছে। ২১ মাৰ্চৰ পৰা বৃহস্পতিবাৰলৈ ১৮১ মহিলাৰ হেল্পলাইন সেৱাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ প্ৰায় ৭২ টা ৰুজু হয়।ছোচিয়েল মিডিয়া আৰু ৱাটচাপৰ মাধ্যমেৰে মহিলাক কৰা অশ্লীল মন্তব্যৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী :ভাৰতত টিক টক বন্ধ কৰাৰ দাবী অভিনেতা কুশল টেণ্ডনৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি