Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী :ভাৰতত টিক টক বন্ধ কৰাৰ দাবী অভিনেতা কুশল টেণ্ডনৰ

ক’ৰ’না মহামাৰী :ভাৰতত টিক টক বন্ধ কৰাৰ দাবী অভিনেতা কুশল টেণ্ডনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2020 12:26 PM GMT

ভাৰতত টিকটক বন্ধ কৰাৰ দাবী অভিনেতা কুশল টেণ্ডনৰ । সম্প্ৰতি সমগ্ৰ বিশ্বতে ক’ৰ’নাই ভয়ংকৰ ত্ৰাসৰ সৃষ্টি কৰিছে।‌এই সময়তে অভিনেতা কুশল টেণ্ডনে জনপ্ৰিয় এপ টিক টক বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ।কেৱল সেয়াই নহয়, অভিনেতাগৰাকীয়ে চীনৰ দ্বাৰা পৰিচালিত এপ টিক টক শীঘ্ৰে নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে ।

এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে তেওঁৰ ইন্চটাগ্ৰামৰ একাউণ্টৰ জৰিয়তে অশ্লীল শব্দ ব্যৱহাৰ কৰি এটা প’ষ্ট শ্বেয়াৰ কৰিছে।‌ প’ষ্টটিৰ জৰিয়তে টিক টকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে চীনে সমগ্ৰ বিশ্বৰ বিপদ নমাই অনাৰ পিছতো কিয় ভাৰতবাসী আৰু আন লোক সকলে টিক টক ব্যৱহাৰ কৰি আছে? তেওঁ কয় যে চীনে টিক টক উদ্ভাৱন কৰিছে আৰু যাৰ হাতত কোনো কাম নাথাকে তেওঁলোকে এই এপ ব্যৱহাৰ কৰে । “ চাওক সকলোৱে টিক টক ব্যৱহাৰ কৰি আছে ।মই গৌৰৱান্বিত যে টিক টক ব্যৱহাৰ নকৰো "। ইন্চটাগ্ৰামৰ এই প’ষ্টৰ পিছত তেওঁক অভিনেতা বিবেক দাহীয়াই সমৰ্থন জনায় ।

উল্লেখ্য যে,দেশত কৰোনা পজিটিভৰ সংখ্যা ১৪,৩৭৮ লৈ বৃদ্ধি । স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বৰ্তমান সময়লৈকে ভাৰতবৰ্ষত কোৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ১৪,৩৭৮ জন । ইয়াৰ ভিতৰত ১১,৯০৬ জন লোকৰ দেহত এতিয়াও কোৰোনা ভাইৰাছৰ অৱস্থিতি আছে । তদুপৰি দেশত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৪৮০ জন ব্যক্তি। লগতে ১৯৯১ জন লোক সুস্থ হৈ উঠিছে ।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীত আক্ৰান্ত ভাৰতীয় নৌ সেনাৰ ২১বিষয়া-জোৱান

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি