শীৰ্ষ বাতৰি

৭ খন দেশত কৌশল প্ৰদৰ্শন কৰিবলৈ বাছনি অসমৰ শিৱসাগৰৰ যুৱকক

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি বৰ্তমানে ব্যস্ত হৈ আছে শ্ৰী লংকাত নিজৰ কৌশল প্ৰদৰ্শনত।

Sentinel Digital Desk

নেচনেল কেডেট ক্ৰপছ (NCC) ৰ দ্বাৰা বিশ্বৰ ৭খন দেশত নিজৰ নিজৰ কৌশলী প্ৰদৰ্শন কৰিবৰ বাবে বাছনি কৰা হৈছে দ্বীপজ্যতি দাস নামৰ এগৰাকী অসমীয়া ছাত্ৰক। 

১৭টা সঞ্চালকালয় মাজত প্ৰশিক্ষণৰ বাবে বাচনি হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰজনে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি বৰ্তমানে ব্যস্ত হৈ আছে শ্ৰী লংকাত নিজৰ কৌশল প্ৰদৰ্শনত।

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত কেৱল দ্বীপজ্যোতিয়ে সক্ষম হৈছে অসম লৈ এই গৌৰৱ কঢ়িয়াই আনিবলৈ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক সাক্ষাৎকাৰৰ জৰিয়তে দ্বীপজ্যোতিৰ উপৰি আন বহু ছাত্ৰকো বাছনি কৰা হয় বিভিন্ন উদ্যোগ তথা কোম্পানী সমূহত প্ৰশিক্ষণৰ বাবে। মহাবিদ্যালয় খনে ছাত্ৰসকলৰ হিতাৰ্থে গ্ৰহণ কৰা এই পদক্ষেপ  প্ৰসংশনীয় বিবেচিত হৈছে।

যোৱা ২১ অক্টোবৰত অনুষ্ঠানখনৰ হস্পিতালিটী মেনেজমেণ্টৰ ১০গৰাকী ছাত্ৰ - ছাত্ৰীক নিৰ্বাচন কৰা হয় ইফচী সৰোবৰ পৰ্টিকো নামৰ এখনি ৭ষ্টাৰ হোটেলত প্ৰশিক্ষণৰ বাবে।

অন্যহাতে BCA বিভাগৰ অন্তিম বৰ্ষৰ আন ৬গৰাকী ছাত্ৰক নিৰ্বাচন কৰা হয় WIPRO নামৰ গণ্য মান্য এটি কোম্পানীত প্ৰশিক্ষণৰ কাৰণে। আৰু আন ৩গৰাকীক নিৰ্বাচন কৰা হয় টেক মহিন্দ্ৰাৰ দ্বাৰা ।

এই সকলো নিৰ্বাচনীয়ে শিক্ষক সমূহৰ ছাত্ৰৰ আৰু পঢ়োৱা বিষয়ৰ প্ৰতি থকা মনোযোগীতাৰ কথা প্ৰকাশ কৰে। লকাডাউনৰ সময়ছোৱাৰ পৰা মহাবিদ্যালয় খনত যথেষ্ট উন্নতি পৰিলক্ষিত কৰা গৈছে।