শীৰ্ষ বাতৰি

মুম্বাইত আবদ্ধ লোকক অসমলৈ অহাত সহায়ঃ ছনু সুদক প্ৰশংসা সোণোৱালৰ

Sentinel Digital Desk

অসমৰ প্ৰব্ৰজিত লোকক গৃহৰাজ্যলৈ অহাত সহায়ঃ অভিনেতা ছনু সুদক প্ৰশংসা সোণোৱালৰ

মুম্বাইত কৰ্মসূত্ৰে থকা অসমৰ একাংশ লোকক গৃহাভিমুখী হোৱাত নিঃস্বাৰ্থ সহায় আগবঢ়োবা বলিউডৰ অভিনেতা ছনু সুদক উচ্চ প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই প্ৰব্ৰজিত লোকসকল তলাবন্ধৰ ফলত মুম্বাইত আবদ্ধ হৈ পৰিছিল৷ উল্লেখ্য যে মুম্বাইত আবদ্ধ লোকসকলক এখন বিশেষ বিমানৰ ব্যৱস্থা কৰি ঘৰলৈ পঠিওৱাত সহায় কৰে বলিউডৰ অভিনেতাজনে ৷ এইসকল লোক শিলচৰৰ আছিল। এই কথা পোহৰলৈ অহাৰ পাছত যশস্বী অভিনেতাজনক প্ৰশংসা কৰি সোণোৱালে কয়, " তেওঁ এজন মহান অভিনেতাই হোৱাৰ লগতে মহান মানৱতাবাদী ।প্ৰয়োজনত মানুহৰ প্ৰতি নিঃস্বাৰ্থ সহায় আগবঢ়ায় ।মুম্বাইত আবদ্ধ ১৮০জন অসম(শিলচৰ)ৰ লোকক ঘৰলৈ পঠিওৱাৰ বাবে তেওঁ সহায় কৰিলে ।মই তেওঁলৈ আন্তৰিক ধন্যবাদ জনালো৷"

উল্লেখ্য যে অভিনেতা সুদে তলাবন্ধৰ ফলত মুম্বাইত আবদ্ধ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজিত লোকক যোৱা নিজ নিজ ঘৰলৈ ঘূৰি যোৱাত সহায় কৰে ।এনে বদন্যতাৰ বাবে তেওঁ দেশজুৰি প্ৰশংসিত হৈছে ৷ "দাবাং"ৰ দৰে বিপুল জনপ্ৰিয় ছবিত অভিনয় কৰা সুদক লৈ বিভিন্নজনে বিভিন্ন আলোচনা কৰিছে ৷ একাংশ লোকে আলোচনা কৰিছে যে ৰাজনীতিত প্ৰৱেশৰ উদ্দেশ্যে অভিনেতাজনে তলাবন্ধৰ ফলত অসহায় লোকৰ প্ৰতি সহায় আগবঢ়াইছে। কিন্তু এনে চৰ্চাক অমূলক আখ্যা দি জনপ্ৰিয় অভিনেতাজনে কয়, " ৰাজনীতি বুলিবলৈ একো নাই ৷ মই মাথোঁ অসহায় লোকক সহায় কৰিছো৷" অভিনেতাজনে লগতে কয় যে তেওঁ তলাবন্ধৰ সময়ছোৱাত ১৮ৰ পৰা ২০হেজাৰ অসহায় লোকলৈ সহায় আগবঢ়ায় ।