শীৰ্ষ বাতৰি

ভাৰত গ্ৰীণ হাইড্ৰজেন উৎপাদনৰ কেন্দ্ৰ হ'ব: হৰদীপ সিং পুৰী

২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে বেংগালুৰুত অনুষ্ঠিত হ’ব ভাৰত শক্তি সপ্তাহ ২০২৩

Sentinel Digital Desk

গুৱাহাটীঃ ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া ভাৰত শক্তি সপ্তাহ ২০২৩ (আই ই ডব্লিউ ২০২৩)ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত আৰু ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সভাপতিত্বত আজি গুৱাহাটীত এক অনুষ্ঠান অনুষ্ঠিত হয়।যত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।এন আৰ এল আৰু অসম চৰকাৰৰ মাজত তিনিখন বাঁহ নাৰ্চাৰী স্থাপনৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱা দেখা যায়, প্ৰত্যেকেই ৫ হেক্টৰ ভূমি সামৰি টিছু কালচাৰ কৰা বাঁহৰ গছপুলিৰ গৌণ কঠিনকৰণ আৰু বৃহৎ প্ৰসাৰণ পদ্ধতি ব্যৱহাৰ কৰি গছপুলিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা দেখা যায়। অসমৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত স্থাপন কৰা হ'ব তিনিখন নাৰ্চাৰী। বাঁহ খেতিৰ ফলত সমাজৰ কেইবাটাও উপকাৰ পোৱা যায় আৰু সেয়েহে ইয়াক 'সেউজীয়া সোণ' বুলি অভিহিত কৰা হয়। তিনিখন বাঁহৰ নাৰ্চাৰীয়ে ১৫ হাজাৰ হেক্টৰ মাটিত ৰোপণ কৰিব পৰা গছপুলি উৎপন্ন কৰিব, এইদৰে কাৰ্বন ছিঙ্কৰ সৃষ্টি হ'ব ।