শীৰ্ষ বাতৰি

প্ৰেমিকে প্ৰেমিকাক চুৰিৰে আঘাত কৰাৰ পিছতেই কৰিলে আত্মহত্যা:চাঞ্চল্যৰ সৃষ্টি সৰ্বত্ৰে

Sentinel Digital Desk

মায়ানগৰী মুম্বাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন প্ৰেমিকে নাবালিকা প্ৰেমিকাক চুৰীৰে আঘাত কৰাৰ পিছতেই আত্মহত্যা কৰে। এই ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যই সৃষ্টি হৈছে। ইফালে এই ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে আত্মহত্যা কৰা যুৱকৰ শৰীৰ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

এক বিশেষ সূত্ৰৰ মত অনুসৰি প্ৰেমিকা আৰু প্ৰেমিকাৰ মাজত কিবা ঘটনা সন্দৰ্ভত মতভেদ হৈছিল । ইয়াৰ পিছতেই প্ৰেমিকে প্ৰেমিকাক চুৰিৰে আঘাত কৰে ৷ আনহাতে আৰক্ষীয়ে যুৱতীগৰাকীৰ মাতৃয়ে দিয়া তথ্যৰ ভিত্তিত যুৱকজনৰ ওপৰত হত্যা,যৌন উৎপীড়ণৰ লগতে আৰু বহুতো ধাৰাত গোচৰ দাখিল কৰিছে। যাতে ঘটনাটোৰ মূল বিষয়টো উদ্ধাৰ কৰিব পাৰি। স্থা

নীয় আৰক্ষীয়ে মংগলবাৰে দিয়া তথ্য অনুসৰি প্ৰেমিক জনক মংগেশ ৰানে বুলি জানিব পৰা গৈছে। মংগেশ ৰানেই সোমবাৰে বিয়লি মুম্বাইৰ মালাডস্থিত ১৭ বছৰীয়া প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ ঘৰলৈ গৈছিল । সেই সময়ত কথা বতৰাত ক্ৰমে কাজিয়ালৈ অতিক্ৰম হোৱাৰ সময়ত খঙত একো নাই হৈ মংগেশ ৰানেই প্ৰেমিকাক চুৰিৰে আঘাত কৰে।

ইয়াৰ পিছতেই প্ৰেমিক মংগেশে দহ মহলাৰ অট্টালিকাৰ বেলকনীৰ পৰা জাঁপ দিয়ে । ফলত ঘটনাস্থলীতে নিহত হয় যুৱকজনৰ। উল্লেখ্য যে চুৰিৰে আঘাত কৰাৰ পিছত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State