শীৰ্ষ বাতৰি

ছাত্ৰ-ছাত্ৰী সকলে শৈক্ষিক দিশত গুৰুত্ব দিব লাগে: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital Desk

ছাত্ৰ-ছাত্ৰী সকলে শৈক্ষিক দিশত গুৰুত্ব দিব লাগে: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । উচ্চ শিক্ষা গ্ৰহণৰ বাবে বেংকৰ পৰা ঋণ লোৱা যুৱক যুৱতী সকলক সহায়ৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে আগবঢ়াইছে নতুন অভিলাষী আঁচনি "অভিনন্দন" ৰ আৰম্ভ কৰে । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ‌ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠান আয়োজিত হয়।‌

এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ৫০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে। শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ১,৫৪৬ জন‌ ছাত্ৰ ছাত্ৰীক ৫০,০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়াই ।

এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ পৃথিৱীৰ মোকাবিলা কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে ছাত্ৰ ছাত্ৰী সকলে নিজৰ দক্ষতা আৰু যোগ্যতা প্ৰকাশ কৰিবলৈ গভীৰ অধ্যয়নত নিমগ্ন হ'ব লাগিব। লগতে সমাজত সকৰাত্মক আৰু স্বাস্থ্য বাতাবৰণ বিকাশ কৰিবলৈ সকলোকে একগোট হৈ প্ৰয়াস কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে 'অভিনন্দন' আঁচনি ছাত্ৰ ছাত্ৰী সকলক উচ্চ শিক্ষা লাভ আৰু সপোন সাৰ্থক কৰাত সহায়ক হব । পৰিশ্ৰম, জ্ঞান আৰু সমাজসেৱাৰ ক্ষেত্ৰত অসমক শীৰ্ষস্থানত ৰখাৰ প্ৰয়াস কৰাৰ বাবে সকলোকে আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

লগতে তেওঁ কয় যে ৰাজ্যত শিক্ষা উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন শিক্ষানুষ্ঠান স্থাপন কৰাৰ উপৰিও বিনামূলীয়া পাঠ্যপুথি, জলপানি, বিনামূলীয়া নামভৰ্তি আদিৰ দৰে বিভিন্ন আঁচনি গ্ৰহন কৰিছে । গুৱাহাটীক দক্ষিণ পূৱ এচিয়াৰ দুৱাৰ মুখ হিচাপে পৰিগণিত কৰিবলৈ যুৱক যুৱতী সকলে নিজৰ যোগ্যতা তথা দক্ষতা প্ৰতিপন্ন কৰিব লাগিব। তদুপৰি নুমলীগড় তেল শোধনাগাৰ শোধন ক্ষমতা বৰ্তমানৰ ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপে অসমৰ যুৱ প্ৰজন্মক ভৱিষ্যতৰ এক নতুন দিশৰ সূচনা কৰিছে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই অনুষ্ঠানত উপস্থিত থকা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে যি সকল ছাত্ৰ ছাত্ৰী এই আঁচনিৰ সুবিধা লাভ কৰা নাই অনতি পলমে তেওঁলোককো সামৰি লোৱাৰ ব্যৱস্থা কৰা হ'ব । শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ও এই অনুষ্ঠানত উপস্থিত থাকি ভাষন আগবঢ়ায় ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Pragjyotish College Association staged sit-in protest against CAA 2019