Begin typing your search above and press return to search.

গুপ্তহত্যাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে মোক ক্লীনশ্বিট দিছিল : প্ৰফুল্ল কুমাৰ মহন্ত

গুপ্তহত্যাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে মোক ক্লীনশ্বিট দিছিল : প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2019 7:41 AM GMT

গুপ্তহত্যাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে মোকক্লীনশ্বিট দিছিল : প্ৰফুল্ল কুমাৰ মহন্ত । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক গুপ্তহত্যা গোচৰৰ ক্ষেত্ৰত ক্লীনশ্বিট দিছিল।

বৰপেটাত বিজেপি দলে এক মৌন সমদলত অংশ লোৱাৰ পিছত এক জন সভাত ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক গুপ্তহত্যাত জড়িত থকা বুলি অভিযোগ কৰে। উল্লেখযোগ্য যে প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক ক্ষেত্ৰত পূৰ্বৰে পৰা কৰা বিৰোধিতা আৰু নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে মন্তব্য কৰা তথা নাগৰিকত্ব বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰাৰ পিছৰ পৰাই প্ৰফুল্ল কুমাৰ মহন্তক তীব্ৰ সমালোচনা - অভিযোগেৰে থকা সৰকা কৰিছে বিজেপি দলৰ নেতা কৰ্মীয়ে।

''উচ্চ ন্যায়ালয়ে মোক গুপ্ত হত্যাৰ ক্ষেত্ৰত ক্লীনস্বীট দি থৈছে। মোৰ চৰকাৰে ৰাজ্যত সংঘটিত হৈ থকা গুপ্তহত্যাৰ ক্ষেত্ৰত কেন্দ্ৰৰ ওচৰত প্ৰতিবাদ জনাইছিলোঁ'' -এই দৰে এক সংবাদমেলত মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই। আগন্তক বিধানসভা নিৰ্বাচনত বি জেপি দলে ৰাজ্যত ১২৬ সমষ্টিৰ ভিতৰত ১০০ সমষ্টিত বিজয়ী হব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মন্তব্য কৰে যে,হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই স্পষ্ট কৰে শাসকীয় দলটোৱে নাগৰিকত্ব সংশোধনী আইন আনিছে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে।

প্ৰফুল্ল কুমাৰ মহন্তই লগতে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাক আছুৰ পৰা বহিস্কাৰ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত যোগদান কৰিছিল।সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে বিভিন্ন দুৰ্নীতিৰ গোচৰৰ পৰা হাত সাৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল ত্যাগ কৰি বি জে পি দলত যোগদান কৰিছিল।

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই লগতে ২০১৪চনৰ কথা উল্লেখ কৰি কয় যে সেই সময়ৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ সভাপতি এছ এছ আহলুৱালীয়াই হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ গোচৰ সমূহৰ ক্ষেত্ৰত সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে তদন্ত আৰম্ভ কৰিব। বিজেপিৰ এই ভাবুকিৰ পিছতেই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল বুলি অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

অন্য খবৰৰ বাবে পঢ়ক : আগন্তুক বিধানসভা নিৰ্বাচনত জনসাধৰণে গেৰুৱা দলক গাদী চ্যুত কৰিব : আছু

ভিডিঅ প্ৰতক্ষ্য কৰক: Public meeting on Protection of the indigenous communities held in Tinsukia

Next Story
চাকৰি