Begin typing your search above and press return to search.

আগন্তুক বিধানসভা নিৰ্বাচনত জনসাধৰণে গেৰুৱা দলক গাদী চ্যুত কৰিব : আছু

আগন্তুক বিধানসভা নিৰ্বাচনত জনসাধৰণে গেৰুৱা দলক গাদী চ্যুত কৰিব : আছু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2019 6:35 AM GMT

আগন্তুক বিধানসভা নিৰ্বাচনত জনসাধৰণে গেৰুৱা দলক গাদী চ্যুত কৰিব : আছু । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত টংলা ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু ৩০ টা জাতীয় সংগঠনৰ সহযোগত বৃহস্পতিবাৰে এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। এই গণ সমাবেশত অংশ গ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে , আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ ওপৰত অসমৰ জনসাধাৰণৰ ক্ষোভ প্ৰকাশ কৰিবলৈ প্ৰস্তুত হ'ব লাগে । অসমীয়া ভূমিপুত্ৰ সকলে নিজ ভূমি ৰক্ষাৰ বাবে বিজেপি দলক ক্ষমতাচ্যুত কৰিব লাগে

এই প্ৰতিবাদী গণ সমাবেশত টংলা অঞ্চলৰ পুৰুষ মহিলা, যুৱক যুৱতীকে ধৰি ১০,০০০ তকৈ অধিক লোকে হাতত বেনাৰ, প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

দিপাংক কুমাৰ নাথে কয় যে অতি ভয়াবহ যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা পক্ষপাতিত্ব নকৰি ষষ্ঠ অনুসূচিত অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহ এই আইনৰ পৰা ৰেহাই পাইছে। ইয়াৰ ফলাফল স্বৰূপে আইন খন দুয়োটা উপত্যকাৰ জনসাধাৰণৰ বাবে ক্ষতিকাৰক। এই আইন খনৰ ওপৰত আকৌ তেওঁ কয় যে এই আইনৰ ফলত ২০১৪ চনৰ আগলৈ অহা কোনো লোকে নাগৰিকত্ব পাবৰ বাবে কোনো ধৰণৰ তথ্য জমা কৰিব নালাগে। ইয়াৰ অৰ্থ এয়ে যে যি কোনো বিদেশীকে তেওঁলোকৰ প্ৰৱেশৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰিব ।

তদুপৰি আছুৰ নেতা জনে কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব।

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, মানস ৰবীন, পবিত্ৰ মাৰ্ঘেৰিটা আদিকে ধৰি বহু শিল্পীয়ে গীত মাতে সংগ্ৰামৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে লগতে আইন খনৰ বিৰুদ্ধে জনসাধাৰণক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় ।

জুবিন গাৰ্গে কলা কুশলী সকলক ৫০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰক বিদ্ৰূপ কৰে । তেওঁ কয় যে, " ব্যক্তিগত ভাৱে মই সেই সকল লোকক সহায় কৰো যি সকল লোক মোৰ খাৰঘূলী অৱস্থিত ঘৰলৈ আহে "। লগতে তেওঁ টোপ মাছকে দিয়ে, মানুহক নিদিয়ে বুলি চৰকাৰক কটাক্ষ কৰে । নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত তেওঁ কয় যে ৰপ্তানি আৰু আমদানি বস্তুৰ ক্ষেত্ৰতহে হয়, মানুহৰ ক্ষেত্ৰত নহয় ।

এই গণ সমাবেশত উপস্থিত থাকি কণ্ঠশিল্পী বিপিন চাউদাঙেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গীত মাতেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু কয় যে জাতিধ্বংসী আইন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব ।

অন্য খবৰৰ বাবে পঢ়ক : কা এক আইনী বিষয় : আমি প্ৰত্যাহ্বান দিয়া সকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম : নৰেন্দ্ৰ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক: Public meeting on Protection of the indigenous communities held in Tinsukia

Next Story
চাকৰি