কা এক আইনী বিষয় : আমি প্ৰত্যাহ্বান দিয়া সকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম : নৰেন্দ্ৰ মোদী

 কা এক আইনী বিষয় : আমি প্ৰত্যাহ্বান দিয়া সকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম : নৰেন্দ্ৰ মোদী

কা এক আইনী বিষয় : আমি প্ৰত্যাহ্বান দিয়া সকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম : নৰেন্দ্ৰ মোদী ।কা এক আইনী বিষয় : আমি প্ৰত্যাহ্বান দিয়া সকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম।নাগৰিকত্ব সংশোধনী আইন ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি হোৱা প্ৰতিবাদৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন এক আইনী বিষয় লগতে আমি কওঁ যে আমি প্ৰত্যাহ্বানকাৰীসকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম।উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী আন্দোলনত বাৰ জন লোকৰ মৃত্যু হল তাৰ লগতে ৰাজ্য খনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা ধাৰাবাহিক প্ৰতিবাদত প্ৰায় ১০০ কোটি টকাৰ ৰাজহুৱা সম্পত্তি নষ্ট হল। ৰাজ্য খনৰ বিধানসভা সচিবালয়ৰ লোক ভৱন ত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ২৫ ফুট উচ্চতৰ এক ব্ৰঞ্জ মূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে মন্তব্য কৰে যে অনুচ্ছেদ ৩৭০,ৰাম মন্দিৰ বিষয়,নাগৰিকত্ব সংশোধনী আইন এই বিষয় কেইটাত আইনী সমস্যা আছে। আমি ইয়াৰে কিছু সমস্যা সমাধান কৰিছোঁ । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে কয় যে আমি প্ৰত্যাহ্বান জনোৱা সকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব সাজু আছোঁ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে এই কথাও স্পষ্ট কৰে নাগৰিকত্ব সংশোধনী আইন অনুসৰি বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ শৰণাৰ্থী সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হব। বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হয় ৰাষ্ট্ৰজুৰি। প্ৰয়াত নেতা জনৰ জন্ম বাৰ্ষিকীত উপস্থিতি থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে কয় যে এখন চৰকাৰৰ প্ৰধান দ্বায়িত্ব হল যাতে চৰকাৰ খনে ভৱিষ্যত প্রজন্মৰ ভালৰ বাবে কাম কৰে।

অনুষ্ঠানত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে আমি আমাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু আমি আমাৰ দ্বায়িত্ব ৰ ওপৰত গুৰুত্ব দিয়া তো উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে লগতে কয় যে এখন চৰকাৰ কেৱল পাঁচ বছৰৰ কাৰণে কাম নকৰে প্ৰাকৃততে এখন চৰকাৰে পাঁচ টা প্ৰজন্মৰ বাবে কাম কৰে। উত্তৰ প্ৰদেশত হোৱা নাগৰীকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বহু কোটি টকাৰ ৰাজহুৱা সম্পত্তি নষ্ট হোৱা সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য যে সেই সকল লোকে যি আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তি নষ্ট কৰিছে সেইসকলে নিজকে প্ৰশ্ন কৰাটো উচিত । ৰাইজে ভুৱা বাতৰি আৰু ভুল তথ্যত বিশ্বাস কৰিব নালাগে । ভাল দৃষ্টিভংগী থাকিলেহে এখন চৰকাৰে ভালকৈ কাম কৰিব পৰাটো সম্ভৱ হয় এই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Special NIA Court sent KMSS leader Akhil Gogoi to 14 days Judicial Custody

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com