শীৰ্ষ বাতৰি

বিদেশী ন্যায়াধীকৰণৰ সদস্যক লৈ ন্যায়ধীশ অৰূপ কুমাৰ গোস্বামীৰ মন্তব্য

Sentinel Digital Desk

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে নতুনকৈ নিযুক্ত হোৱা ২০০ জন বিদেশী ন্যায়াধীকৰণৰ সদস্যক কৰ্তব্য পৰায়ণ হ’বলৈ কয়। ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে নৱ নিযুক্ত ন্যায়াধীশসকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্ত নোহোৱা সকলে কি কৰিব লাগিব সেই সম্পৰ্কে মন্তব্য কৰে।

শনিবাৰে অসম প্ৰশাসনিক মহাবিদ্যালয়ত নতুনকৈ বিদেশী ন্যায়াধীকৰণত নিযুক্ত লোকসকলক উদ্দেশ্য কৰি তেওঁলোকক কৰ্তব্য সমূহৰ বিষয়ে ব্যক্ত কৰে। ন্যায়াধীশ গোস্বামীয়ে কয় যে লোকসকলৰ প্ৰত্যেকটো তথ্য পাতিক শান্তি আৰু স্পষ্টভাৱে পুনৰীক্ষণৰ কৰিব লাগিব। আপোনালোকক এটা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব দিয়া হৈছে। অত্যন্ত সাৱধানেৰে দাবী আপত্তিৰ তথ্য পাতিসমূহ নিৰীক্ষণ কৰি কৰ্তব্য পালন কৰিব লাগিব।

নতুন বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলক উদ্দেশ্য কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কৰ্তব্যৰ বিষয়ে কয় যে নতুন বিদেশী ন্যায়াধীকৰণ সদস্যক এনআৰচি আৰু তাৰ পিছৰ পৰিস্থিতিৰ সন্দৰ্ভত দায়িত্ব দিয়া হৈছে। লগতে যিসকলৰ নাম চূড়ান্ত ৰাষ্টীয় নাগৰিক পঞ্জীত অন্তুৰ্ভুক্ত হোৱা নাই তেওঁলোকে অস্বীকৃতি আদেশ লাভ কৰিবৰ কাৰণে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰে।

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়মূৰ্তি উজ্জ্বল ভূঞাই অসমত বিদেশীঃআইন তথা দৃষ্টিভংগী সন্দৰ্ভত মন্তব্য কৰে ৷ লগতে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ইলেক্ট্ৰ’নিক বিদেশী ন্যায়াধীকৰণৰ গুৰুত্বৰ সন্দৰ্ভে ব্যক্ত কৰে । উল্লেখ্য যে এই অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক,ন্যায়াধীশ মনোজিৎ ভূঞা,ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱা,ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা,ন্যায়াধীশ অজিৎ বৰঠাকুৰ আৰু ন্যায়াধীশ মনিষ চৌধুৰী উপস্থিত আছিল।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।