Begin typing your search above and press return to search.

৩৩ খন জিলাত ৭৯ স্থানত ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন

৩৩ খন জিলাত ৭৯ স্থানত ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2019 4:23 AM GMT

৩৩ খন জিলাত ৭৯ স্থানত ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন ৷ উপায়ুক্তক দিয়া প্ৰতিবেদন অনুসৰি ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগে ৩৩ জিলাত ৭৯ টা স্থানত ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷এই সন্দৰ্ভত উপায়ুক্তসকলক অতিৰিক্ত বিদেশী ন্যায়াধীকৰণক নিজৰ আৱশ্যকতা সম্পৰ্কত জনাবলৈ আদেশ দিছে।

কামৰূপ মেট্ৰ আৰু নগাঁৱৰ প্ৰত্যেকতে ১৫ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ,হোজাইত ১১ টা,দৰঙত ১০ টা,কাছাৰ আৰু তিনিচুকীয়াত প্ৰত্যেকতে ৯ টাকৈ,ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি,কামৰূপ, কৰিমগঞ্জ,মৰিগাঁও, শোনিতপুৰত আঠটাকৈ,বৰপেটা, যোৰহাট,লক্ষীমপুৰত সাতটাকৈ,বাক্সাত ছটা,বিশ্বনাথ, বঙাইগাওঁ,গোলাঘাট আৰু কোকৰাঝাৰত পাঁচটা,ওডালগুৰি আৰু কাৰ্বি আংলঙত চাৰিটা,ধেমাজী, ডিব্ৰুগড় আৰু শিৱসাগৰত তিনিটাকৈ,চিৰাং, নলবাৰী,দক্ষিণ শালমাৰাত দুটাকৈ,আৰু চৰাইদেও,ডিমা হাচাও,আৰু মাজুলীত এখন৷

চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰথমতে কেৱল আঠখন জিলাত ২০০খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ আঁচনি তৈয়াৰ কৰিছিল ।তেতিয়া কামৰূপ মেট্ৰত প্ৰায় ৬৭ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ,নগাঁৱত ৩৯ ,যোৰহাট জিলাত ৩১খন,তেজপুৰত ২১,শিলচৰত ২০,ধুবুৰীত ১০,কোকৰাঝাৰত সাত আৰু বঙাইগাঁৱত পাঁচখন বিদেশী ন্যায়াধীকৰণৰ আঁচনি তৈয়াৰ হৈছিল ৷ইয়াৰ পিছত গৃহ আৰু ৰাজনৈতিক বিভাগ এই বিষয়ে সমীক্ষা কৰিলে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা তৈয়াৰ কৰা তালিকাত ২২১ জনক বিদেশী ন্যায়াধীকৰণত নিযুক্তি দিলে। এই নৱ নিযুক্ত সদস্যসকলৰ ভিতৰত ২০০ জন নতুনকৈ গঠিত বিদেশী ন্যায়াধীকৰণৰ কাৰণে আৰু ২১ জন বিদেশী ন্যায়াধীকৰণত খালী হৈ থকা পদত নিযুক্তি দিলে ৷আনহাতে চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত বিদেশী ন্যায়াধীকৰণৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷যিসকল লোকেৰ নাম এনআৰচিত অন্তৰ্ভূক্ত ন’হল ৷তেওঁলোকে অস্কীকৃত প্ৰতিবেদন পোৱাৰ পিছত ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰে।

সকলো তথ্য পাতি পৰীক্ষাৰ পিছত বিদেশী ন্যায়াধীকৰণৰ সদস্য এই বিষয়ে ৰায় দিব যে ব্যক্তিজন ভাৰতীয় হয় নে নহয় অথবা এনআৰচিৰ কাৰণে যোগ্য হয় নে নহয়। বৰ্তমান অসমত বিদেশী চিনাক্ত কৰণ কৰিবৰ কাৰনে ১০০ খন বিদেশী ন্যায়াধীকৰণ আছে ৷অসম চৰকাৰে এনআৰচি প্ৰকাশৰ পূৰ্বতে ১০০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবৰ কাৰণে গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছিল ।অৱশ্যে গৃহ মন্ত্ৰ্যালয়ে ৪০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ মঞ্জুৰী দিয়ে ৷

আনহাতে ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কাম আৰম্ভ কৰাৰ পিছত ইয়াৰ সংখ্যা হ’বগৈ ৩০০ খন। চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে বিদেশী ন্যায়াধীকৰণত ২,০৭,৩১১ টা কেচ আছে ৷৮,১১৯ টা কেছেৰে উদালগুৰিত আছে সকলোতকৈ বেছি কেছ। ইফালে চূড়ান্ত এনআৰচিৰ পৰা ১৯,০৬,৬৫৭ জন লোকৰ নাম বাদ পৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: এনআৰচিৰ ১০০ শতাংশ পুনৰ সত্যাপনৰ সন্দৰ্ভত অসম পাব্লিক ৱকাৰ্ছৰ প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Onion Prices in Guwahati to rise upto Rs 75, claims Report | The Sentinel News | Assam News

Next Story
চাকৰি