শীৰ্ষ বাতৰি

আজি শিক্ষক দিৱস:দেশ জুৰি শ্ৰদ্ধাৰে সুঁৱৰিছে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনক

Sentinel Digital Desk

আজি সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে শিক্ষক দিৱস ৷ ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃত শিক্ষা বিভাগে উদযাপন কৰে এই দিৱস ৷ সৰ্বপল্লী ৰাধাকৃষ্ণননৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰে মুখ্য অতিথি মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালে ৷ গুৰুবন্দনাৰে আৰম্ভ কৰা অনুষ্ঠানত ৩৬ গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই কয় যে গুণোৎসৱে শিক্ষা খণ্ডক আগুৱাই নিছে ৷সেয়েহে গুণোৎসৱৰ আয়োজন কৰিব লাগে ৷আনহাতে মুখ্যমন্ত্ৰী সনোৱালে শিক্ষাবিভাগৰ সকলো আলোচনাত মিলিত হৈ এটি একক সময়ৰ নিৰ্ধাৰন কৰিব কয় ৷ উল্লেখ্য যে ১৮৮৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰথমগৰাকী উপ–ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে। দেশৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল যদিও ৰাধাকৃষ্ণনে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল এগৰাকী শিক্ষক হিচাপে।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ জন্মদিনটো একাংশ ছাত্ৰই পালন কৰিব বিচাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল। সেয়েহে ১৯৬২ চনৰ পৰা অৰ্থাৎ তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এগৰাকী মহান শিক্ষক। নিজকে দাৰ্শনিক, ৰাষ্ট্ৰপতি, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল ৰাধাকৃষ্ণনে।

শিক্ষকসকল দেশৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ বুলি অভিহিত কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতি হোৱাৰ পিছতে তেওঁ শিক্ষকতাতে অধিক গুৰুত্ব দিছিল।তেওঁ বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ একো হ’ব নোৱাৰে। সেয়েহে জীৱনত শিক্ষাক সৰ্বাধিক প্ৰাধান্য দিছিল ৰাধাকৃষ্ণনে।গতিকে আজি এই পবিত্ৰ দিনটোত মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰ সকলে উদযাপন কৰিলে শিক্ষক দিৱস ৷শিক্ষক সকলক ফুলৰ থোপাৰে সন্মান জনাইছে ছাত্ৰ ছাত্ৰীসকলে৷ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰিলে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত ৷