Begin typing your search above and press return to search.

যান বাহনৰ নতুন আইনৰ লগত এখন জনপ্ৰিয় ছবিৰ সম্পৰ্কই চৰ্চা লাভ কৰিছে সৰ্বত্ৰে:চাওঁক ভিডিঅ’

যান বাহনৰ নতুন আইনৰ লগত এখন জনপ্ৰিয় ছবিৰ সম্পৰ্কই চৰ্চা লাভ কৰিছে সৰ্বত্ৰে:চাওঁক ভিডিঅ’

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2019 10:05 AM GMT

যান বাহনৰ নতুন আইন অনুসৰি যিসকল লোকে যান বাহন আইন উলংঘন কৰে তেওঁলোকক বৃহৎ পৰিমাণে জৰিমনা বিহা হৈছে। এই জৰিমনা উদং কৰিছে বহুতৰ উপাৰ্জনৰ ভৰাঁল ৷ দেশত যান বাহন নিয়ম উলংঘাকাৰী সকলক নাকী লগাবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই যান বাহনত লগোৱা এই আইন সছাঁকৈয়ে লক্ষ্যনীয় হৈ পৰিছে।

ইফালে যান বাহনৰ নতুন নিয়মৰ সমান্তৰালকৈ দেশত সম্প্ৰতি যান বাহন উলংঘাকাৰীসকলৰ অৱস্থাক লৈ বিভিন্ন মিমী প্ৰস্তুত কৰি উলিয়াই জনতাই। আৰু টুইটাৰ অথবা ছ’চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ লাভ কৰা এই মিমীসমূহে হাঁহিৰ খোৰাকো জোগাইছে। কিন্তু যান বাহনৰ নিয়ম উলংঘা কাৰীসকলে আইন উলংঘন কৰি নিজৰ সাঁচতীয়া সকলো ধন যান বাহন নিয়ন্ত্ৰণ বিভাগক দিয়াৰ সময়তে চৰ্চালৈ আহিছে দক্ষিন ভাৰতৰ অভিনেতা মহেশ বাবুৰ ভাৰত এনে নেনু নামৰ ছবিখন ৷

কাৰণ যান বাহনৰ নিয়ম আৰু মহেশ বাবু ভাৰত এনে নেনুৰ ছবিখনৰ মাজত সাদৃশ্য থকা দেখিবলৈ পাইছে জনসাধাৰণে । কাৰণ ছবিখনত মহেশ বাবু মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছত যান বাহন উলংঘাকাৰীসকলৰ ক্ষেত্ৰত তীব্ৰভাৱে জৰিমনা বৃদ্ধি কৰি দিয়ে ৷ ছবিখনৰ এটা দৃশ্যত অভিনেতা মহেশ বাবু কিয় যান বাহনৰ জৰিমনা বৃদ্ধি কৰিলে সেয়া ব্যাখ্যা কৰে। আৰু সম্প্ৰতি সেই দৃশ্য সকলোতে বিয়পি পৰিছে৷

সম্প্ৰতি কিছু সংখ্যক লোকে মহেশ বাবু ভাৰত এনে নেনু ছবিখনকেই যান বাহনৰ নতুন নিয়ম তৈয়াৰ কৰা আৰু মাছুল বৃদ্ধি কৰাৰ কাৰণে দোষী সাব্যস্ত কৰিছে ৷ আৰু এই ক্লিপটো সকলোতে বিয়পি পৰিছে ।লগতে চৰকাৰক ছবিখনৰ পৰা প্ৰেৰণা লৈ এই পদক্ষেপ হাতত লৈছে বুলি কটাক্ষ কৰিছে। তলত কেইটামান টুইট দিয়া হ’ল ৷

Video Credits:Sarang Bhalerao (Twitter)

https://twitter.com/bhaleraosarang/status/1169142247251697667

https://twitter.com/SSMB_Quotes/status/1169088499653308417

২০১৮ চনত মুক্তি লাভ কৰা ভাৰত এনে নেনু ছবিখনত মহেশ বাবু মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷উল্লেখ্য যে নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷

যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : যানবাহনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ উপযুক্ত তদন্তৰ আহ্বান দিছপুৰক

ভিডিঅ প্ৰতক্ষ্য কৰক:Golaghat District Sports officer caught red handed on bribery charges | The Sentinel News

Next Story