Begin typing your search above and press return to search.

যানবাহনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ উপযুক্ত তদন্তৰ আহ্বান দিছপুৰক

যানবাহনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ উপযুক্ত তদন্তৰ আহ্বান দিছপুৰক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2019 4:42 AM GMT

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অন্য বিষয়াসকলক চলিত বৰ্ষৰ ১৩ ছেপ্তেম্বৰৰ ভিতৰত গুৱাহাটীত যানবাহনৰ সমস্যাৰ তদন্ত কৰাৰ কাৰণে কয়। ২০১৬ চনত অধিবক্তা ৰিতা দাস মজুমদাৰে গুৱাহাটী প্ৰতিদিনে হোৱা যান বাহন তথা যাতায়তৰ সমস্যাৰ কাৰণে আৰু জনসাধাৰণ সুবিধাৰ্থে এখন লিখিত প্ৰতিবেদন দিছিল উচ্চ ন্যায়ালয়ত।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অন্য বিষয়াসকলক প্ৰশ্ন কৰে যে গুৱাহাটীত যাতায়তৰ ব্যৱস্থা কিয় সফত হোৱা নাই। কাৰণ যানবাহনক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কোনো আইন নাই। ইফালে ন্যায়ালয়ে জানিব পৰা বিষয় সমূহ হৈছে গুৱাহাটীৰ চিটী বাছ সমূহ সময় মতে কিয় নচলে?চিটী বাছসমূহ য’তে ত’তে কিয় আস্থান কৰে? কাৰণ চিটী বাছ সমূহ ৰখাবৰ কাৰণে বাছ আস্থান থাকে।

চৰকাৰ আৰু অন্য বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টো কিয় সমাধান কৰিব নোৱাৰে কাৰণ যান বাহনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আইন আছে ৷লগতে মহিলা আৰু বয়োজেষ্ঠ্যসকলে ফুটব্ৰীজ ব্যৱহাৰ কৰাত কি অসুবিধা পায়? ইত্যাদি ৷২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ৰলয়ৰ এখন পীঠে বৈঠক অনুষ্ঠিত কৰি গুৱাহাটীত যাতায়তৰ সমস্যা সমাধানৰ কাৰণে আঁচনি তৈয়াৰ কৰিবলৈ কয়। কিন্তু এতিয়ালৈকে কোনো ধৰনৰ আঁচনি তৈয়াৰ ন’হল।

সেয়েহে উচ্চ ন্যায়ালয়ে মহানগৰীত যান বাহন সমস্যা সমাধান কৰাৰ কাৰণে চলিত বৰ্ষৰ ১৩ ছেপ্তেম্বৰ দিনটো ধাৰ্য কৰি দিছে ৷ আনহাতে গুৱাহাটীত যান বাহনৰ সংখ্যা বৃদ্ধি হোৱাৰ অন্য এটা কাৰন হৈছে ৰাজ্যৰ ২০ শতাংশ বাহন মহানগৰীত চলাচল কৰে। ২০১৮ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ মাৰ্চলৈকে মহানগৰীত ৯৮,৫৮১ খন বাহনক পঞ্জীয়ন কৰা হয় ।লগতে কিছু সংখ্যক যান বাহন আৰক্ষীৰ কৰ্তব্যত গাফিলতি দেখা যায়। তেওঁলোকে কৰ্তব্য স্থলীত চহী কৰি কৰ্তব্যৰ সামৰণি মাৰে। গতিকে সকলোৰে সহযোগতহে যান বাহনসমূহৰ সমস্যা সমাধান হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক:সাৱধান! যান বাহন নিয়ম মানি নচলাৰ কাৰণে এইজন ব্যক্তিয়ে দিলে ৩২,০০০টকা

ভিডিঅ প্ৰতক্ষ্য কৰক:Decomposed Body of Railway Employee recovered in Tinsukia Youtube

Next Story
চাকৰি