Begin typing your search above and press return to search.

সাৱধান! যান বাহন নিয়ম মানি নচলাৰ কাৰণে এইজন ব্যক্তিয়ে দিলে ৩২,০০০টকা

সাৱধান! যান বাহন নিয়ম মানি নচলাৰ কাৰণে এইজন ব্যক্তিয়ে দিলে ৩২,০০০টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 2:09 PM GMT

যান বাহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ল। সম্প্ৰতি সৰ্বত্ৰে সকলোতে ইয়াৰে চৰ্চা ৷এই আইন ভংগ কৰিলে আপুনি ভৰিব লাগিব এক বৃহৎ আকাৰৰ জৰিমনা । কোনো নাবালিক বা নাবালিকাই বাহন চলালে বাহনখনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে দিব লাগিব ২৫ হাজাৰ টকা।

হেলমেট পৰিধান নকৰাকৈ বাহন চলালে ভৰিব লাগিব ১০০০ টকা। লগতে তিনি মাহলৈ আৰোহীৰ লাইচেন্স বাতিল হ’ব। ইয়াৰ পূৰ্বে হেলমেটবিহীন বাইক আৰোহীৰ জৰিমনা আছিল ১০০ ৰ পৰা ৩০০ টকা।

সুৰাপান কৰি গাড়ী চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা। সেইদৰে আকৌ একেই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা।বিনা লাইচেন্সেৰে গাড়ী চলালে জৰিমনা ৫০০ টকাৰ ঠাইত ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে।গাড়ী চলাওতে চিট বেল্ট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা।

যান বাহন আইন আৰম্ভ হোৱাৰ পিছৰে পৰা যাত্ৰীসকলৰ মাজত সংঘটিত হোৱা বিভিন্ন ঘটনাই লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ৰাজধানী দিল্লীত এগৰাকী ব্যক্তিয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি নথকাৰ কাৰণে ২৩,০০০ টকা পৰিশোধ কৰিব লগা হৈছে।

এই কথাটোৱে ছ’চিয়েল মিডিয়াত বিশেষকৈ টুইটাৰত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিছুমান পৰিবহনৰ নতুন আইন খনক কথা উল্লেখ কৰিছে যদিও আন কিছুমানে ইয়াক বিশেষ ভাৱে হাস্য মধুৰ ভাৱে উপস্থাপন কৰিছে ৷ আনহাতে পশ্চিম বংগত এগৰাকী অট’ চালকে যান বাহনৰ নিয়ম মানি নচলাৰ কাৰণে ৩২,৫০০ টকা দিবলৈ বাধ্য হয়।

ঘটনা অনুসৰি অটো চালক মহম্মদ মুষ্টাকিলক এজন যান বাহনৰ আৰক্ষীয়ে মংগলবাৰে যাত্ৰাৰ পথত যাৱতীয় নথি পত্ৰ সমূহ বিছাৰে ৷ কিন্তু অটো চালক জনে যাৱতীয় নথি পত্ৰ আনিবলৈ পাহৰিলো বুলি কয় আৰক্ষী গৰাকীক। কিন্তু অটো চালক গৰাকীয়ে ১০ মিনিট দূৰত্বত থকা ঘৰৰ পৰা সকলো নথি পত্ৰ আনিম বুলি কোৱাতো মান্তি ন’হল আৰক্ষী জন।

উল্লেখ্য যে মুস্তাকিল বিগত ১৫ বছৰৰ পৰা পশ্চিম বংগত আছে ৷আনহাতে ৩০ বছৰীয়া অটো চালকজনক লাইচেঞ্চ নথকাৰ কাৰণে ৫০০০,পঞ্জীকৃত চাৰ্টিফিকেটৰ কাৰণে ৫০০০,ইন্সুৰেন্স ২০০০,বায়ু প্ৰদূষণ ১০,০০০,নাম্বাৰ প্লেটৰ কাৰণে ৫০০,বিপদশংকুল ড্ৰাইভিং ৫০০০,জাম্পিং ট্ৰেফিক লাইটৰ কাৰণে ৫০০০ বিহে । উল্লেখ্য যে যান বাহনৰ নতুন অধিনিয়ম আৰম্ভ হোৱাৰ লগে লগে জনসাধাৰণৰ অৱস্থাই লোকসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগত বিভিন্ন মিমী প্ৰস্তত কৰিছে। আহক চাওঁ কেইটামান মিমী ৷

https://twitter.com/TheIndianSoull/status/1168871438402482176

অধিক খবৰৰ বাবে পঢ়ক: যানবাহন নিয়ম উলংঘা কৰা সকল সাৱধান

ভিডিঅ প্ৰতক্ষ্য কৰক:DoNER Minister Jitendra Singh addresses media in Guwahati | The Sentinel News

Next Story
চাকৰি