যানবাহন নিয়ম উলংঘা কৰা সকল সাৱধান

যানবাহন নিয়ম উলংঘা কৰা সকল সাৱধান

যানবাহন চালক সকল সম্প্ৰতি সাৱধান হওঁক ৷ গাড়ী চলোৱাৰ সময়ত নীতি নিয়ম মানি নচলিলে আপোনাৰ পকেট খালি হ’ব পাৰে ।১ ছেপ্তেম্বৰৰ পৰা বলৱৎ হৈছে যান বাহন সংশোধনী আইন ২০১৯ ৷এই আইন ভংগ কৰিলে আপুনি ভৰিব লাগিব এক বৃহৎ আকাৰৰ জৰিমনা । কোনো নাবালিক বা নাবালিকাই বাহন চলালে বাহনখনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে দিব লাগিব ২৫ হাজাৰ টকা।

হেলমেট পৰিধান নকৰাকৈ বাহন চলালে ভৰিব লাগিব ১০০০ টকা। লগতে তিনি মাহলৈ আৰোহীৰ লাইচেন্স বাতিল হ’ব। ইয়াৰ পূৰ্বে হেলমেটবিহীন বাইক আৰোহীৰ জৰিমনা আছিল ১০০ ৰ পৰা ৩০০ টকা।

সুৰাপান কৰি গাড়ী চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা। সেইদৰে আকৌ একেই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা।বিনা লাইচেন্সেৰে গাড়ী চলালে জৰিমনা ৫০০ টকাৰ ঠাইত ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে।গাড়ী চলাওতে চিট বেল্ট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা।নাবালক–নাবালিকাই গাড়ী চলালে ১০০০০ টকা জৰিমনা।ৰাস্তাৰ নিয়ম ভংগ কৰিলে ৫০০ টকা জৰিমনা বাইকত তিনিজন উঠালে ২০০০ টকা জৰিমনা আৰু তিনি বছৰৰ বাবে লাইচেন্স বাতিল।

বিনা ইঞ্চুৰেন্সৰে গাড়ী চলালে ২০০০ টকা জৰিমনা।জৰুৰীকালীন গাড়ীক ৰাস্তা এৰি নিদিলে ১০০০ টকা জৰিমনা।অভাৰ চাইজ বাহনৰ ক্ষেত্ৰত ৫০০০ টকা জৰিমানৰ ব্যৱস্থা।তীব্ৰ বেগত বাহন চলালে ১০০০ টকা জৰিমনা।ডেঞ্জাৰিয়াচ’ ড্ৰাইভিং কৰিলে ৫০০০ টকা জৰিমনা।গাডী় চলোৱাৰ সময়ত ৰেচ লগালে ৫০০০ টকা জৰিমনা।ৰাজহুৱা বাহনে অতিমাত্ৰা যাত্ৰী উঠালে প্ৰতিবাৰত ১০০০ টকাকৈ জৰিমনা।এগ্ৰিগেটছৰ দ্বাৰা লাইচেন্সৰ চৰ্ত অমান্য কৰিলে ২৫ হাজাৰ টকা জৰিমনা।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC Final List: AASU addresses Media | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com