শীৰ্ষ বাতৰি

এজন মানুহ:সাত গৰাকী পত্নী: বিপাঙত আৰক্ষী

Sentinel Digital Desk

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হৰিদ্বাৰত। কাৰণ এজন মৃত লোকৰ কাষত উপস্থিত হৈছে পাঁচ গৰাকীকৈ পত্নী ৷ কিন্তু উপস্থিত হোৱা পাঁচ গৰাকী পত্নীয়ে নাজানে এগৰাকীয়ে আন গৰাকীৰ খবৰ। ঘটনা অনুসৰি দেওবাৰে হৰিদ্বাৰৰ ৰবিদাস বস্তিৰ বাসিন্দা ৪০ বছৰীয়া পবন কুমাৰ দাসে আত্মহত্যা কৰে। কিন্তু আত্মহত্যা কৰাৰ পিছতে মৃত্যু হোৱা পবন কুমাৰ দাসৰ কাষত উপস্থিত হয় পাঁচ গৰাকী মহিলা । আৰু মহিলা কেইগৰাকীয়ে মৃত পবন কুমাৰৰ মৃত শৰীৰক নিজৰ স্বামী বুলি দাবী কৰে ।

ইফালে আশ্চৰ্যজনক ভাৱে পাঁচ গৰাকী পত্নীয়ে মৃত দেহটোক লৈ দাবী কৰাৰ সময়তে,নাটকীয় ভাৱে মৃত পৱনৰ শৰীৰ সৎকাৰ পিছতে আন দুগৰাকী মহিলা উপস্থিত হয় আৰক্ষীৰ ওচৰত ৷আৰু তেওঁলোকেও আৰক্ষীক পবন কুমাৰৰ মৃত দেহ বিচাৰে ৷কাৰণ মৃত পৱন কুমাৰ তেওঁলোক দুয়োগৰাকীৰ স্বামী আছিল ।

উল্লেখ্যে পবন কুমাৰ আছিল এজন গাড়ী চালক। দেওবাৰে পবন কুমাৰে নিশা অত্যাধিক বিষ সেৱন কৰিছল। ইয়াৰ পিছত পৱন কুমাৰৰ লগত থকা পত্নীয়ে চিকিৎসালয়ত ভৰ্তি কৰে পবনক ।কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে পৱন কুমাৰক ৷ এক সূত্ৰৰ খবৰ অনুসৰি আৰ্থিক অনাটনৰ কাৰণে মৃত্যুক সাৱটিলে পৱন কুমাৰে। লগতে পৱন কুমাৰৰ বন্ধুৰ সংখ্যাও আছিল যথেষ্ট সীমিত ।

পাৰ্ভিন সিঙ নামৰ এজন আৰক্ষী বিষয়াই কয় যে আমি পৱন কুমাৰে কিয় এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে সেই সম্পৰ্কে তদন্ত কৰি আছো ৷ লগতে কয় যে চিকিৎসালয়লৈ পৱন কুমাৰক অনা মহিলাগৰাকীয়েও নিজক পৱনৰ পত্নী বুলি দাবী কৰিছে। মানুহজনৰ বেংকত কোনো ধন নাছিল ৷লগতে হৰিদ্বাৰৰ এটা ভাৰা ঘৰত বাস কৰিছিল পৱন কুমাৰে ৷ সম্প্ৰতি এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

ভিডিঅ প্ৰতক্ষ্য কৰক:2nd Day of Vanya Prani Saptah (Wildlife Week) observed at Kaziranga National Park