Begin typing your search above and press return to search.

মোবাইল ফোন গাৰুৰ তলত ৰখাই হ'ল কাল , ফোন বিস্ফোৰণ হৈ মৃত্যু কিশোৰীৰ

মোবাইল ফোন গাৰুৰ তলত ৰখাই হল কাল , ফোন বিস্ফোৰণ হৈ মৃত্যু কিশোৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 12:20 PM GMT

মোবাইল ফোন গাৰুৰ তলত ৰখাই হ'ল কাল ৷ ফোন বিস্ফোৰণ হৈ মৃত্যু হ’ল কিশোৰীৰ ৷ কাজাখাস্তানৰ এলুৱা এছেষ্টাকাইজি নামৰ ১৪ বছৰীয়া ছাত্ৰী গৰাকীয়ে নিজৰ স্মাৰ্ট ফোনত গান শুনি শুনি শুই যোৱাৰ পিছত নিশা গাৰুৰ তলত থৈ দিছিল ফোনটো ।কিন্তু দ্বিতীয় দিনা ৰাতিপুৱা মৃত অৱস্থাত পোৱা গৈছিল ছাত্ৰী গৰাকীক ।

আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাৰ সময়ত ফোন চাৰ্জিঙত আছিল । সম্ভৱত ফোন বিস্ফোৰণ হোৱা ফলত ছাত্ৰী গৰাকীয়ে মূৰত আঘাত পাইছিল । মূৰত গুৰুতৰ ভাৱে আঘাত পোৱাৰ ফলতেই মৃত্যু হয় ছাত্ৰী গৰাকীৰ । ফৰেণচিক বিশেষজ্ঞই জনোৱা অনুসৰি পুৱতি নিশা অতিমাত্ৰা গৰম হৈ বিস্ফোৰণ হৈছিল ফোনটো । তথ্য অনুসৰি ফোনটো গৰম হৈ ব্লাষ্ট হোৱাৰ ফলতে মৃত্যু হয় ছাত্ৰী গৰাকীৰ । এতিয়ালৈকে যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰা স্মাৰ্ট ফোন আৰু ছাৰ্জাৰ দাল কি ব্ৰেণ্ডৰ হয় এই কথা জানিব পৰা হোৱা নাই । গতিকে এলুৱাৰ এই ঘটনাটোক এক ভয়ংকৰ ঘটনা বুলি কব পাৰি ।

এলুৱাৰ প্ৰিয় বান্ধৱী ১৫ বছৰীয়া আয়াজহান দোলচেভাই কয় যে তেওঁ এই ঘটনাটো এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই । এলুৱাৰ প্ৰিয় বান্ধৱী আয়াজহানে এক ছ’চিয়েল মিডিয়াত পোষ্ট দিয়ে যে ," তুমি মোৰ প্ৰিয় বান্ধৱী আছিলা । আমি ল’ৰালি কালৰ পৰাই একেলগে আছিলো । এতিয়া তুমি অবিহনে যথেষ্ট কষ্ট হ'ব । আই মিছ ইউ ছো মাচ্ । তুমি মোক চিৰদিনৰ কাৰণে এৰি গলা " ।

১৪ বছৰীয়া ছাত্ৰী গৰাকীৰ এই মৃত্যু ৰাছিয়াত হোৱা মোবাইল ফোন আৰু ছাৰ্জাৰ সমূহৰ ফলত হোৱা ঘটনাৰ অন্যতম।উদাহৰণ স্বৰূপে ৰাছিয়াৰ জনপ্ৰিয় পোকেৰ খেলুৱৈ লিলিয়া নভিকভাও নিজৰ বাথৰূমত বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু বৰণ কৰিছিল ।তথ্য অনুসৰি লিলিয়াই চুলি শুকাই থকা সময়ত ফোন ব্যৱহাৰ কৰি আছিল । যাৰ ফলত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হৈছিল খেলুৱৈ গৰাকীৰ ।

অধিক খবৰৰ বাবে পঢ়ক:টিক তক প্ৰেমে জীৱন কাঢ়িলে দুই যুৱকৰ:কিন্তু ক’ত এই ঘটনা ?

ভিডিঅ প্ৰতক্ষ্য কৰক: Tea Garden labourers at Charaideo Tea Estate stage Protest

Next Story
চাকৰি