টিক তক প্ৰেমে জীৱন কাঢ়িলে দুই যুৱকৰ:কিন্তু ক’ত এই ঘটনা ?

টিক তক প্ৰেমে জীৱন কাঢ়িলে দুই যুৱকৰ:কিন্তু ক’ত এই ঘটনা ?

টিক তক প্ৰেমে জীৱন কাঢ়িলে দুই যুৱকৰ ৷ সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত আটাইতকৈ জনপ্ৰিয় মাধ্যমটো হৈছে টিক তক ভিডিঅ’ ৷ টিক তক ভিডিঅ’ কৰি নিজৰ জীৱন নিঃশেষ কৰিছে আজিৰ যুৱ প্ৰজন্মই। কিন্তু তথাপিও শিক্ষা নলয় কিছু সংখ্যক যুৱকে । কাৰণ টিক তক ভিডিঅ’ কৰি এক শোকাৱহ দূৰ্ঘটনা সংঘটিত হৈছে বেংগালুৰুত ৷ টিক তক ভিডিঅ’ কৰি দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন এজনৰ ৷

ইফালে মৃত্যু হোৱা লোক কেইজনক ১৯ বছৰীয়া অৱজাদ আৰু ২২ বছৰীয়া মহম্মদ মাটি বুলি জানিব পৰা গৈছে। লগতে এই ঘটনাত আহত আন এজন লোক ২২ বছৰীয়া জালিবুলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বেংগালুৰুৰ আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মন্তব্য অনুসৰি বিয়লি প্ৰায় পাঁচ বজাত ট্ৰেইনখন আহি সেই নিৰ্দিষ্ট স্থানত উপস্থিত হয়। ইয়াৰ পিছতেই সেই ঠাইত উপস্থিত হোৱা ট্ৰেইনখনে টিকতক ভিডিঅ’ কৰা যুৱক কেইজনক ট্ৰেইনৰ সন্মুখত পৰি মৃত্যু হয় ৷আনহাতে টিক তক ভিডিঅ’ কৰি মৃত্যুক সাৱটি লোৱা এইয়াই প্ৰথম ঘটনা নহয় ৷ পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে।

বৰ্তমান আমি বসবাস কৰো ডিজিটেল যুগত । কিন্তু বৰ্তমান যুব প্ৰজন্ময়ে ডিজিটেল সামগ্ৰী সমূহৰ প্ৰতি ইমানে আকৰ্ষিত হৈছে যে তেওঁলোকে যিকোনো অপৰাধ কৰিবলৈ এবাৰো চিন্তা নকৰে। সমগ্ৰ বিশ্বতে তেনে ঘটনা যথেষ্ট বৃদ্ধি পাইছে । সেই অনুপাতে অপৰাধৰ সংখ্যাও বৃদ্ধি পাইছে । এন এক ঘটনা সংঘটিত হৈছে দিল্লীত ।

দিল্লী এজন যুৱকে কেৱল টিক-তক ভিডিঅ বনাবলৈকে আই-ফোন কাঢ়ি নিয়ে এজন ব্যক্তিৰ পৰা। এই ঘটনা সংঘটিত কৰাৰ পাছতে আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে, ২০ বছৰীয়া এজন যুৱকে কেৱল টিক-তকত ভিডিঅৰ কুৱালিটি উন্নত হব বাবেই ব্যক্তিজনৰ পৰা আই-ফোনটো কাঢ়ি লয়।

ভিডিঅ প্ৰতক্ষ্য কৰক:Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com